লুণীয়া অনুভৱবোৰ
.....গৌতম বৰুৱা
অদ্ভুত মোৰ প্ৰেম
মোৰ সৈতে ।
মোৰ অনুভৱৰ তুলিকাৰে
আঁকো মাঁথো মোৰ নিজৰে ৰং বিৰঙৰ ছবি.....।
সাগৰৰ পানীবোৰ লুণীয়া
গলিযোৱা হিমবাহৰ পানীবোৰ
সাগৰত পৰি হেৰাই যায়.....
হেৰাই যায় স্মৃতিৰ কোলাত সকলো অতীত হৈ
লুণীয়া লুণীয়া সাংঘাতিক লুণীয়া স্মৃতিৰ অনুভৱ
মোৰ অনুভৱৰ অশান্ত সাগৰখনৰ লুণীয়া পানী
আৰু মোক খাই পেলাইছে মোৰ লুণীয়া অনুভৱবোৰে ।।
No comments:
Post a Comment