"শক্তিশালী মনৰ অধিকাৰী হ’বলৈ সকলো দুৰ্বলতা অতিক্ৰমি কৰিবই লাগিব |মোৰ দুৰ্বলতা ইমানেই যে মই মানসিক ভাবে অলপ বেছিয়েই সবল, যি মানসিক সবলতাক মানুহে কেতিয়াবা আত্মকেন্দ্ৰীকতা বুলি কয় |হয় , কাৰোবাৰ দীৰ্ঘস্হায়ী সুখৰ বাবে মই মোক আত্মকেন্দ্ৰীক কৰি তুলিছো |বৰ্তমান নিৰৱ-নিশব্দ মোৰ বুকু কোমলি নুঠে কাৰো বিননি শুণি |" এয়া বৰ্তমান মোৰ চিন্তাৰ ফচল যে মই বহুপৰিমানে মানসিক সবলতাৰ গৰাকী হ’ব পাৰিছোঁ আৰু মোৰ উপৰুক্ত কথাবোৰত তাকে ফুটি উঠিছে | মই যান্ত্ৰিক জীৱ্ণক আঁকোৱালি লোৱা নাই হয়, অথচ বহুতো সময়ত যান্ত্ৰিকতাৰ মেৰপাকত যান্ত্ৰিক হবলৈ বাধ্য হৈছোঁ | দুই নাওঁত দুই ভৰি উপকাৰ কৰি অজগৰৰ পেটলৈ যাম নে, নিৰবে থাকি আনৰ ধ্বংসৰ নিৰব দৰ্শক হম | মা-দেউতাক আগস্হান দিমনে প্ৰেয়সীৰ সূখৰ বাবে মা-দেউতাৰ ইচ্ছাৰ বিৰোদ্ধে যাম | মোৰ লক্ষ্য আৰু কৰ্মক আগস্হান দিমনে বাহ্যিকতা, আধুনিকাতাৰ বিলাস, অপসংস্কৃতি আৰু প্ৰেৰণাশূন্য এফলীয়া আত্মকেন্দ্ৰীক বিননিবোৰৰ প্ৰভাবত পৰি লক্ষ্যভ্ৰষ্ট হ’ম | বিনিময় প্ৰথা মতে যদি চলা হয়, সূখ দিলে সূখ দিবা আৰু দূখ দিলে দূখ দিবা | তেনেহ’লে মই মোৰ মাক মোৰ দেউতাক কেতিয়াও পৰিশোধ কৰি নোৱাৰা মৰমৰ ধাৰ পৰিশোধ কৰিব আছে | মই কামনা-বাসনা আৰু কাৰো প্ৰেমৰ অন্ধ মায়াজালত সোমাই জীৱণটো বিলাসী কৰিব নোৱাৰো | মা-দেউতাৰ সূখৰ বাবে মই হাজাৰ প্ৰেয়সী ত্যাগ কৰিব পাৰো | সেয়েহে মোৰ সন্ধানত অহা প্ৰত্যেককে একেবোৰ কথাকে কৈ মই কওঁ যে....." কিন্তু এই বুলি মই তোমাক ত্যাগ কৰা নাই , মই তোমাৰ বাবেই বৰ্তমান তোমাক ত্যাগ কৰিছো | তুমি সূখী হোৱা জীৱণত, মোৰ ওচৰত বৰ্তমান সূখৰ ভাণ্ডাৰৰ অভাৱ, আনৰ কাষত থকা সূখৰ অফুৰন্ত উত্সবিলাকে তোমাৰ সেই অভাব পুৰণ কৰিব |" ‘অন্তত আনক সূখী কৰিব নোৱাৰিলেও দুখী নকৰিবা’, এনে বাণীৰ বিনামূলীয়া প্ৰচাৰক ময়ে | অভিজ্ঞতাৰৰে পুষ্ট হৈ অলপ কঠিনতাৰেই ময়ে আকৌ ক’ব বিচাৰিম যে পৰিস্হিতি সাপেক্ষ্যে কাৰোবাৰ দীৰ্ঘস্হায়ী সূখৰ বাবে ক্ষণস্হায়ী দুখ দিয়াটো কোনো ধৰণৰ ভূল নহয় |
No comments:
Post a Comment