-গৌতম বৰুৱা
শাৰদীয় দুৰ্গোসৱ, ঘৰলৈ উভটিছো বহু দিনৰ মূৰত | আৰু কেইদিনমান পাছতে
আনৰ ঘৰৰ বোৱাৰী হ’বলৈ গৈ থকা মৰমৰ ভন্তি আৰু চেনেহৰ দুবছৰীয়া ভতিজাটোলৈ চক্লেট ,
কুৰ্-কুৰে আদি নিয়াৰ উপৰিও এইবাৰ মস্ত বেলুন দুটি যতীন দা-ৰ দোকানৰ পৰা লৈ ঘৰলৈ
বুলি খৰকৈ খোজ পেলাই গৈ আছোঁ | নিজে বেয়া পাওঁ লৈ মানে ফুটিব ফুটিব বুলি ভয় এটা আহি
থাকে, আৰু বেলুন ফুটা শব্দই মোৰ গাৰ নোম থিয় কৰাই দিয়ে, উ উ উ ..... | সন্ধ্যা সময়
, পূজালৈ বুলি বিভিণ্নজন ওলাই আহিছে সৰু বজাৰৰ কেন্দ্ৰ ঠাইটুকুৰালৈ...পিইত-পিইত,
তুই তুই....টুং-টাং ধোম ধাম পে পে পি পি হুইচেল, পেপা, ঢোল আদি বাজনাৰে গোটেই বোৰ
মূখৰিত হৈ পৰিছে, অসুৰৰ পূজা আসুৰিক চিঞঁৰ ঠাই ভেদে অলপ চলপ বা অত্যাধিক | অইলৰ
ডাঙৰ ডাঙৰ গাড়ী দুখনমান পাৰ হৈ যাওঁতে আগফালৰ লাইটৰ পোহৰে চকুত চাঁত মাৰি ধৰিছিল
আৰু সেই মূহুত্ততে মোৰ আপদীয়া ফোনটোও বাজি উঠিছিল আৰু মই ফোনটোক লৈ ব্যস্ত হোৱাৰ
তত্পৰাতাতে থুউচ কে শব্দ হ’ল, মনটি থপক কৰি মৰহি গ’ল ;এটি বেলুন ফুটি গ’ল | লগে
লগে সাউত কৰে বাইক এখনো পাৰ হৈ গ’ল, দুজন ডেকা ল’ৰা দুজনৰ উকীৰ শব্দবোৰ আকাশত লাগি
প্ৰতিধ্বনি হৈ মোৰ গা’তে সৰি পৰা যেন লাগিছিল | হৰ্থাত মোৰ মনলৈ আহিল যে এয়া
নিশ্বয় কোনো দুষ্ট ল’ৰাৰ কাম, বাইকত যোৱাকেইটাই চাগে সেই হতশ্ৰীযোৱা ইতৰ প্ৰানী |
সিহঁতে চাগে ভঙা চিচা দলিয়াইছিল, যেনেদৰে আগতে মইও কৰিছিলো ধুনীয়া বেলুনবোৰ
ফুটাবলৈ, সৰু সৰু গাড়ীৰ গ্লাচৰ চিচা নতুবা সৰু শিলগুটি দূৰৈৰ পৰা মাৰি গাভৰু
ছোৱালীৰ বেলুন ফুটোৱাৰ কথা মনলৈ ভাহি আহিছিল | কথাষাৰ মনত পৰাত বাকী থকা বেলুনটোক বাবে
সাৱধান হৈ আগবাঢ়িবলৈ ধৰিলো আৰু ভাবিলো মইটো ছোৱালী নহয় যে ডেকাল’ৰাবোৰে জোকাই আমনি
দিবলৈ বেলুন ফুটাব...চেঃ পাছে ফুটিয়ে গ’ল,এতিয়া এনেবোৰ বেবেৰীবাং চিন্তাই জানো মোৰ
বেলুনটো ঘুৰাই দিব | ভন্তি ডাঙৰ হ’ল মানি ল’ব কিন্তু ভতিজাই জানো মানিব!!!!!!!!
ভাবোতে ভাবোতে ঘৰো পাওঁ পাওঁ হ’ল | ককাইদেউ বৌ, ভন্তি আৰু ভতিজা পোৱালীটো গাড়ীত
উলাই আহিছে পূজা চাবলৈ, বেলুনটো ফুটাৰ
আগতে তাক দি লেঠাটো মাৰো বুলি তাক দিবলৈ চাই দেখো গাড়ীৰ ভিতৰত ইঅমান প্ৰকাণ্ড বেলুনটো
নোসোমাই, যেনেতেনে সোমালেই পূজাতনো ক’ত কঢ়িয়াই ফুৰিব জানোচা ফুটিয়েই যায়, গতিকে
ভতিজাই নেদেখাকৈ বেলুনটো লুকোৱাই তাক চক্-লেটৰে পূজালৈ পথাই দিলো | বেলুনটো লৈ খৰখেদাকৈ ঘৰ পাই সযতনে বেলুন্টো থব
লাগে আৰু কিন্তু পিইত পিইত সুৰজিতএ গাড়ীৰ ভিতৰৰ পৰা হৰ্ণ মাৰি সুধিলে কেতিয়া আহিলো
বুলি, মই উত্তৰ দিয়াত সি ভাল-বেয়া খৱৰ-খাটি আৰু অন্য কিছুমান কথাও সুধিলে , আৰু মই
যিমান পাৰি চমু উত্তৰেৰে সামৰি থ’লো | মোৰ ঘৰ কেতিয়া পাঁও কেতিয়া পাওঁ অস্বস্তি
লাগি আছে, সি ভন্তিহঁতক পূজাত থৈ আহো বুলি কোৱাৰ ল’গে ল’গে যা বুলি কৈ আগবাঢ়িছোহে
তিনিআলিৰ জিৰনি ঘৰটোৰ ভিতৰৰ পৰা কেশৱ আৰু জোনটি কাইয়ে মাত লগোৱাত সঁহাৰি দি তেওঁলোকৰ
কাষ পালোগৈ | ক’ত থাক , কি ক’ৰ ...বহু দিন দেখা নাই আদি প্ৰশ্নৰ উত্তৰ বোৰ দি
বুদ্ধিৰে কথাবতৰাবোৰ চমুৱাই আমাৰ গাৱলৈ
সোমাই যোৱা পথটোত তিনিআঁলিটো এৰি সোমাইছোহে মাথো পালে নহয় উদয়ন দেদায়ে( দদাইদেউ),...তাওঁ
হৈছে , মাত এখাৰো লগাই যাব নোৱাৰ বুলি তেৱঁও প্ৰশ্নৰে জেৰা আৰম্ভ কৰিয়েই দিলে,
পাছে তেওঁ তাতকৈ এখোপ চাৰ হোৱাতহে মোৰ থৰকাচুটি হেৰাল, তেওঁ বেলুনটো ধৰি দুয়োখন হাতেৰে দুয়োফালৰ পৰা হাতেৰে ঢোল বজোৱাদি
যেতিয়া বজাব ধৰিলে আৰু মোৰ প্ৰান যায় যায় .....এই ওলালেই আৰু| বুবুল আহি থকা দেখি
আমাৰ ঘৰলৈ তাক মাতিছো বুলি কৈ দেদায় ঢেৰ কাম আছেবুলি বিদায় মাগি ঘৰ পাই খৰখেদালৈ
লোহাৰৰ জপনাখন খুলি ভিতৰলৈ সোমাইছোহে মোৰ হাতৰ পৰা বেলুনতো চুইট কৰি ওলাই গৈ আকাশৰ
বুকুত উৰিব ধৰিলে আৰু ময়ো তাৰ পিছত জপিয়াই জপিয়াই উৰি তাক ধৰিবলৈ চেষ্টা কৰিবলৈ
ধৰিলো, ভিতৰৰ বাহঁৰ জেউৰাত ভৰি দি বেলুনটোৱে জাম্প এটা যেতিয়া মাৰিলে মই ভাবিলো ইও
সিপুৰী পালেগৈ, দুৰ্ভাগ্যই পাছ নেৰা মোক মোৰ বেলুন দুয়োটাকে খালে অ’ খালে......আৰু
চকু কেইটা টান কৰি মুদি দিলো যি দিলোৱেই খুলিবৰ শক্তি হেৰুৱাই পেলালো..............
| “.......বেলুনতো ধুনীয়া কাৰ বাবে আনিছ’,
আংশুৰ বাবে নে, সি বৰ ভাল পাব ...এইটো এতিয়া ড্ৰয়িং ৰুমতে ওলমাই থ’” বুলি যেতিয়া
মা’ৰ শব্দকেইটা কানত পৰিল চকুহাল মেলি চালো আৰু মনতে মিছিকীয়া হাঁহি মাৰি মাৰি ঘৰৰ
ভিতৰলৈ সোমাই গ’লো |
No comments:
Post a Comment