Monday, October 22, 2012

মোৰ বেলুনৰ ফুটাৰ কাহিনী


-গৌতম বৰুৱা
শাৰদীয় দুৰ্গোসৱ, ঘৰলৈ  উভটিছো বহু দিনৰ মূৰত | আৰু কেইদিনমান পাছতে আনৰ ঘৰৰ বোৱাৰী হ’বলৈ গৈ থকা মৰমৰ ভন্তি আৰু চেনেহৰ দুবছৰীয়া ভতিজাটোলৈ চক্‍লেট , কুৰ্‍-কুৰে আদি নিয়াৰ উপৰিও এইবাৰ মস্ত বেলুন দুটি যতীন দা-ৰ দোকানৰ পৰা লৈ ঘৰলৈ বুলি খৰকৈ খোজ পেলাই গৈ আছোঁ | নিজে বেয়া পাওঁ লৈ মানে ফুটিব ফুটিব বুলি ভয় এটা আহি থাকে, আৰু বেলুন ফুটা শব্দই মোৰ গাৰ নোম থিয় কৰাই দিয়ে, উ উ উ ..... | সন্ধ্যা সময় , পূজালৈ বুলি বিভিণ্নজন ওলাই আহিছে সৰু বজাৰৰ কেন্দ্ৰ ঠাইটুকুৰালৈ...পিইত-পিইত, তুই তুই....টুং-টাং ধোম ধাম পে পে পি পি হুইচেল, পেপা, ঢোল আদি বাজনাৰে গোটেই বোৰ মূখৰিত হৈ পৰিছে, অসুৰৰ পূজা আসুৰিক চিঞঁৰ ঠাই ভেদে অলপ চলপ বা অত্যাধিক | অইলৰ ডাঙৰ ডাঙৰ গাড়ী দুখনমান পাৰ হৈ যাওঁতে আগফালৰ লাইটৰ পোহৰে চকুত চাঁত মাৰি ধৰিছিল আৰু সেই মূহুত্ততে মোৰ আপদীয়া ফোনটোও বাজি উঠিছিল আৰু মই ফোনটোক লৈ ব্যস্‍ত হোৱাৰ তত্পৰাতাতে থুউচ কে শব্দ হ’ল, মনটি থপক কৰি মৰহি গ’ল ;এটি বেলুন ফুটি গ’ল | লগে লগে সাউত কৰে বাইক এখনো পাৰ হৈ গ’ল, দুজন ডেকা ল’ৰা দুজনৰ উকীৰ শব্দবোৰ আকাশত লাগি প্ৰতিধ্বনি হৈ মোৰ গা’তে সৰি পৰা যেন লাগিছিল | হৰ্থা‍ত মোৰ মনলৈ আহিল যে এয়া নিশ্বয় কোনো দুষ্ট ল’ৰাৰ কাম, বাইকত যোৱাকেইটাই চাগে সেই হতশ্ৰীযোৱা ইতৰ প্ৰানী | সিহঁতে চাগে ভঙা চিচা দলিয়াইছিল, যেনেদৰে আগতে মইও কৰিছিলো ধুনীয়া বেলুনবোৰ ফুটাবলৈ, সৰু সৰু গাড়ীৰ গ্লাচৰ চিচা নতুবা সৰু শিলগুটি দূৰৈৰ পৰা মাৰি গাভৰু ছোৱালীৰ বেলুন ফুটোৱাৰ কথা মনলৈ ভাহি আহিছিল | কথাষাৰ মনত পৰাত বাকী থকা বেলুনটোক বাবে সাৱধান হৈ আগবাঢ়িবলৈ ধৰিলো আৰু ভাবিলো মইটো ছোৱালী নহয় যে ডেকাল’ৰাবোৰে জোকাই আমনি দিবলৈ বেলুন ফুটাব...চেঃ পাছে ফুটিয়ে গ’ল,এতিয়া এনেবোৰ বেবেৰীবাং চিন্তাই জানো মোৰ বেলুনটো ঘুৰাই দিব | ভন্তি ডাঙৰ হ’ল মানি ল’ব কিন্তু ভতিজাই জানো মানিব!!!!!!!! ভাবোতে ভাবোতে ঘৰো পাওঁ পাওঁ হ’ল | ককাইদেউ বৌ, ভন্তি আৰু ভতিজা পোৱালীটো গাড়ীত উলাই  আহিছে পূজা চাবলৈ, বেলুনটো ফুটাৰ আগতে তাক দি লেঠাটো মাৰো বুলি তাক দিবলৈ চাই দেখো গাড়ীৰ ভিতৰত ইঅমান প্ৰকাণ্ড বেলুনটো নোসোমাই, যেনেতেনে সোমালেই পূজাতনো ক’ত কঢ়িয়াই ফুৰিব জানোচা ফুটিয়েই যায়, গতিকে ভতিজাই নেদেখাকৈ বেলুনটো লুকোৱাই তাক চক্‍-লেটৰে পূজালৈ পথাই দিলো  | বেলুনটো লৈ খৰখেদাকৈ ঘৰ পাই সযতনে বেলুন্টো থব লাগে আৰু কিন্তু পিইত পিইত সুৰজিতএ গাড়ীৰ ভিতৰৰ পৰা হৰ্ণ মাৰি সুধিলে কেতিয়া আহিলো বুলি, মই উত্তৰ দিয়াত সি ভাল-বেয়া খৱৰ-খাটি আৰু অন্য কিছুমান কথাও সুধিলে , আৰু মই যিমান পাৰি চমু উত্তৰেৰে সামৰি থ’লো | মোৰ ঘৰ কেতিয়া পাঁও কেতিয়া পাওঁ অস্বস্তি লাগি আছে, সি ভন্তিহঁতক পূজাত থৈ আহো বুলি কোৱাৰ ল’গে ল’গে যা বুলি কৈ আগবাঢ়িছোহে তিনিআলিৰ জিৰনি ঘৰটোৰ ভিতৰৰ পৰা কেশৱ আৰু জোনটি কাইয়ে মাত লগোৱাত সঁহাৰি দি তেওঁলোকৰ কাষ পালোগৈ | ক’ত থাক , কি ক’ৰ ...বহু দিন দেখা নাই আদি প্ৰশ্নৰ উত্তৰ বোৰ দি বুদ্ধিৰে কথাবতৰাবোৰ চমুৱাই আমাৰ  গাৱলৈ সোমাই যোৱা পথটোত তিনিআঁলিটো এৰি সোমাইছোহে মাথো পালে নহয় উদয়ন দেদায়ে( দদাইদেউ),...তাওঁ হৈছে , মাত এখাৰো লগাই যাব নোৱাৰ বুলি তেৱঁও প্ৰশ্নৰে জেৰা আৰম্ভ কৰিয়েই দিলে, পাছে তেওঁ তাতকৈ এখোপ চাৰ হোৱাতহে মোৰ থৰকাচুটি হেৰাল,  তেওঁ বেলুনটো ধৰি  দুয়োখন হাতেৰে দুয়োফালৰ পৰা হাতেৰে ঢোল বজোৱাদি যেতিয়া বজাব ধৰিলে আৰু মোৰ প্ৰান যায় যায় .....এই ওলালেই আৰু| বুবুল আহি থকা দেখি আমাৰ ঘৰলৈ তাক মাতিছো বুলি কৈ দেদায় ঢেৰ কাম আছেবুলি বিদায় মাগি ঘৰ পাই খৰখেদালৈ লোহাৰৰ জপনাখন খুলি ভিতৰলৈ সোমাইছোহে মোৰ হাতৰ পৰা বেলুনতো চুইট কৰি ওলাই গৈ আকাশৰ বুকুত উৰিব ধৰিলে আৰু ময়ো তাৰ পিছত জপিয়াই জপিয়াই উৰি তাক ধৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলো, ভিতৰৰ বাহঁৰ জেউৰাত ভৰি দি বেলুনটোৱে জাম্প এটা যেতিয়া মাৰিলে মই ভাবিলো ইও সিপুৰী পালেগৈ, দুৰ্ভাগ্যই পাছ নেৰা মোক মোৰ বেলুন দুয়োটাকে খালে অ’ খালে......আৰু চকু কেইটা টান কৰি মুদি দিলো যি দিলোৱেই খুলিবৰ শক্‍তি হেৰুৱাই পেলালো.............. |  “.......বেলুনতো ধুনীয়া কাৰ বাবে আনিছ’, আংশুৰ বাবে নে, সি বৰ ভাল পাব ...এইটো এতিয়া ড্ৰয়িং ৰুমতে ওলমাই থ’” বুলি যেতিয়া মা’ৰ শব্দকেইটা কানত পৰিল চকুহাল মেলি চালো আৰু মনতে মিছিকীয়া হাঁহি মাৰি মাৰি ঘৰৰ ভিতৰলৈ সোমাই গ’লো |

Wednesday, October 17, 2012

মিষ্টাৰ খিংখিঙীয়া


“হু আৰ ইউ তু জাজ.....”
তাৰ প্ৰভূত্ব দেখোৱাই চিঞৰি কোৱা কথাষাৰে সকলো সীমা ভাঙি দিয়াত মইও উত্তেজিত হৈ পৰিছিলো, “আই বিলং তু এ চচায়তি হোয়েৰ আনএমপ্লয়মেন্ট ইচ এ বিগ প্ৰব্লেম, আই ন’ দা চিতোয়েচন বেটাৰ দেন এনিবডি বিকজ আই চও দা আনএমপ্লইদ ইউথ, হোৱাট দে আৰ দুইং .....| এণ্ড দোন্ট থিংক দেট অনলি ফেমাচ এণ্ড ৰিন’ন ইনটেলচোৱেলচ কেন এনালাইজ দিজ থিংচ এণ্ড দেয়াৰ চলুচনচ আৰ অলৱেএজ গোড এণ্ড একচেপ্টেবল, ইভেন এ লিটল বয় কেন অলচ’ আনদাৰষ্টেণ্ড দা ৰিয়েল কণ্ডিচন এণ্ড কেন গিভ এ বেটাৰ আইডিয়া এবাউট দা থিংচ ইন হুইচ দে চাফাৰ, আই এক্সপেৰিয়েন্স দোজ থিংচ , চ লেট মি ৰাইট হোৱাটএভাৰ আই ৱান্ট, দণ্ট ট্ৰাই তু ইমপজ ইয়ৰ পাৰচেপচন আপন মি................. |
-খিংখিঙিয়া হৈছ’ কিয়........(খঙত দাঁত কৰচি)|
:তইহে খিংখিঙিয়া হৈছ, কথা ভালকে ক’বলৈ শিকিবি তাৰ পাছতহে আনৰ পৰা ভাল শুনাৰ আশা কৰিবি,  মই তোৰ লগৰ, কোনো চাকৰ নহয় যে এনেদৰে মোক উচ্চ স্বৰত কথা কবি |
-কে***.................... | (মুখৰ পৰা খঙত উলোৱা শব্দবোৰত নৰমতা হানি  এজন সুযোগ্য নেতাৰ দৰে পৰিস্‍হিতিৰ অনুধাৱনত কথাৰ সুৰ অলপ তললৈ কৰি বিজ্ঞজনৰ দৰে সি কাবলৈ ধৰিলে) মই তোক ক্ৰিটিচাইজ কৰা নাই......মই বচ ক’বলৈ উলাইছো যে তই ক’ব নোৱাৰ যে গাৱঁৰ মানুহবোৰে মদ খায় পৰি থাকে বুলি, তাক চৰকাৰে ক’লে বা কোনো বুদ্ধিজীৱিয়ে কলেহে ক’ব পাৰিবি | ইউ কেন্ট জেনেৰেলাইজ দিচ থিং |
কি....................................................!!!!!!!!!!!!!(আচৰিত)
বাৰু বুজিছো , কিন্তু কথাবোৰ কোৱাৰ ধৰণ আছে, যদি নিজৰ কথা আনে শুনিবই লাগে আৰু আনে গ্ৰহন কৰিবই লাগে নিজেও আনৰ কথা শুনাৰ আৰু গ্ৰহন কৰিবৰ ধৈৰ্য থাকিব লাগে |
আচৰিত থাকিলো যদিও ক’লো , “কথাবোৰ সৰুকে ক’লেও বুজি পাওঁ, ইমান চিঞঁৰিবৰ প্ৰয়োজন নাই |মইটো কোৱা নাই যে গাঁৱৰ সকলো মানুহে মদ খায়, অৱশ্যে অতিৰিক্ত মদ খোৱাৰ ফলত মানুহবোৰৰ যে ক্ষতি হ’ব পাৰে তাকেহে কম  বুলি ভাবিছিলো, ক’ব খোজা নাছিলো যে সকলো গাৱঁৰ মানুহে মদ খায়, কিন্তু মই যিমান মানুহ লগ পাইছো জীৱণত, দিনত ভদ্ৰ মানুহবোৰ ৰাতি আক ঘোৰ মদাহী, আমাৰ গাঁৱখন....আৰু হয়তো তাৰ বাহিৰে তাৰ গাঁৱৰ বাকীসকলে মদ নাখায় আৰু গোটেইমখা এমপ্লয়দ  ....... ” আৰু মনে মনে ভাবিলো অপিনিয়ন ৰাইটিং আৰু এনালাইটিকেল ৰাইটিংৰ মাজত পাৰ্থক্য কি,  হ’ব পাৰো মোৰে ভূল কিন্তু সি খিংখিঙাব লাগে কিয়, আজি নহয় সদায় সেই একে সিয়েই যেন সৰ্বেসৰ্বা...তাৰ কথা মানে শিলৰ খুটি আনৰ কথা মানে ভগা লাঠি ,.... বুলি মূখতে বুৰবুৰাই ময়ো খিংখিঙিয়া হৈ ক্লাচৰ পৰা উলাই আহিলো অবুজনৰ দৰে |


বিঃ দ্ৰঃ এয়া মাত্ৰ এটি সৰু গল্প, শুনিবলৈ ভাল কৰিবলৈকে অলপ ৰহন সানি গল্পটি তৈয়াৰ কৰা হৈছে, এয়া কাৰোবাৰ প্ৰতি(গাঁৱৰ মানুহ) আঙুলী টোৱাই লিখা হোৱা নাই |

Sunday, October 14, 2012

মানৱীয় মূল্যবোধ



বিশ্ববিদ্যালয়ৰ সন্মূখত এজন মুছলমান সম্প্ৰদায়ৰ উদ্যোগী যুৱকৰ পান-তামোলৰ দোকান | যুৱকজন আৰু তেওঁৰ সম্বন্ধীয়ই কথা পাতি আছে | মই সুধিলো ওচৰতে যে মিছিং গাওঁ এখন আছে কিমান দূৰ , যুৱকজনে নাজানে | মই কলো চাং-ঘৰত থাকে যে , তেতিয়া দ্বিতীয় ব্যক্তিজনে ক’লে যে, “অ’ মিৰি, ইয়াৰ পৰা অলপ দূৰত খনামূখৰ ফালে আছে |” মই ক’লো যে মিৰি ক’ব নাপায়, মিৰি ক’লে তেওঁলোকে বেয়া পায় ক’ব নালাগে | তেতিয়া ব্যৱসায়ী যুৱকজনে ক’লে যে, “মোক মুছলমান বুলিলেও বেয়া নাপাওঁ, বঙালি বুলিলেও বেয়া নাপাওঁ, নেপালী বুলিলেও বা অসমীয়া বুলিলেও, কাৰণ মইটো চবেই জানো |” তেতিয়া দ্বিতীয় ব্যক্তিজনে খুৱ সহজভাবে ক’লে যে বড়ো ভাষাটো বৰ টান ন’ , একোৱেই বুজিব নোৱাৰি | ইমান দুষ্কৰ পৰিস্‍হিতিত ইমান সহজভাবে বড়োসকলৰ প্ৰতি কোনো বেয়া ভাব নাৰাখি এনেদৰে সহজভাবে বড়োভাষাক বিশ্বৰ আটাইটকৈ টান ভাষা বুলি আক্ষ্যা দিয়াটো সহজ নহয় এই বুলি ভাবি ভাবি মই ছাত্ৰাবাস মূৱা হওঁতে ভাবিবলৈ বাধ্য হ’লো , এওঁলোকো মানুহ, সেই তেজ মঙহেৰেই গঢ়া | তেওঁলোকেও আশ্ৰয় আৰু জীৱ্ণৰ নিৰাপত্তা , খাদ্য আৰু জীবিকাৰ সন্ধানত বহিঃৰাষ্ট্ৰৰ পৰা ভাৰতত বসবাস কৰিছেহি যি সকলক আমি বিদেশী বুলি চিনাক্ত কৰি দেশৰ পৰা বহিস্কাৰ কৰাৰ বাবে অহনিৰ্শে আন্দোলন কৰি আছোঁ | নপামত বহুসংখ্যক ডি-ভোটাৰ আছে, তেওঁলোকৰ বহুতো বয়সীয়াল লোকে আনকি অসমীয়া বা হিন্দী নাজানে, সহজেই তেওঁলোকক দেখিলে ধৰিব পাৰি যে তেওঁলোক অসমীয়া মুছলমান নহয় | কিন্তু তেওঁলোকৰ পৰাটো অসমীয়া জাতিয়ে কোনো অসুবিধা পোৱা নাই, পৰিতক্ত সাৰুৱা মাটিবোৰত খেটি কৰি অসমৰ অৰ্থনীতিত অবদান যোগায় তেজপুৰ অঞ্চলৰ মানুহৰ বহুতো অভাৱ পুৰণ কৰিছে, যেনে শাক-পাছলি, মাছ-মাংসৰ যোগান, বনুৱা-মিস্ত্ৰি আদিৰ | এতিয়া মই এই কথাষিনি এই কাৰণেই উল্লেখ কৰিলে যে বৰ্তমান ভয়াবহ পৰিস্‍হিতিত যদি এই লোকসকলক এন আৰ চি উন্নিতকৰণৰ লগে লগে খেদি পথোৱা হয় তেন্তে ব্যৱসায়ী যুৱকজন বা তেনে বহুতো লোকক আমি হেৰুৱাম যাৰ লগত আমৰ বহুতৰে ভাল সম্পৰ্ক গঢ়ি উঠিছে, আৰু প্ৰশ্ন জাগ্ৰত হয় যে আমাৰ মানৱীয় মূল্যবোধ ক’লৈ যাব যেতিয়া তেওঁলোকক জোৰ কৰি খেদায় পথোৱা হ’ব?তেওঁলোক উপায়বিহীন হৈ বহুত যটিল পৰিস্হিতিত সোমাই খাদ্য-বাসস্‍হান আৰু অন্যান্য বস্তুৰ অসুবিধাত পৰিব, হয়তো কিছুমানে মৃত্যুকো সাৱতি ল’ব লগা হ’ব পাৰে | ভাৰত চৰকাৰেই হওঁক বা অসম চৰকাৰেই হওঁক ইমান দিনে বিদেশী প্ৰৱজনক ৰোধ নকৰা বাবেহে তেওঁলোক আহিল, গতিকে দোষ তেওঁলোকৰ নহয় যে তেওঁলোক অসমত আহি বসবাস কৰিছেহি | দোষ আমাৰ নিৰাপত্তা ব্যৱস্‍হা আৰু নাগৰীক পঞ্জীকৰণ ব্যৱস্‍হা আৰু তাৰ পাছতে আমাৰ মানসীকতাৰ যাৰ ফলত তেওঁলোক আমাৰ দেশত স্‍হায়ী হৈ সকলোবোৰ সুবিধা ল’ব পাৰিছে | আমাৰ এলেহুৱা মনসিকতাৰ বাবেই হাজাৰ হাজাৰ বিঘা সাৰুৱা মাটিৰ বছৰি আয় কম বা কিছু অঞ্চলত শূণ্যৰ তালিকাত ৰৈছে | গতিয়ে মানৱ অধিকাৰ হনন নোহোৱাকৈ যাতে সকলো ব্যৱস্‍হা কৰি চৰকাৰে এন আৰ চি-ৰ উন্নিতকৰণ কৰে আৰু এন আৰ চি ৰ নামত থলুৱা বাসিন্দাক হাৰাহাস্তি নকৰাকৈ বিদেশী সমস্যাৰ সমাধান কৰে; কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ তাৰে অনুৰুধ থাকিল |







গৌতম বৰুৱা

নপাম, তেজপুৰ বিশ্ববিদ্যালয়

ই-মেইল- gautambaruahgb@gmail.com



বিঃ দ্ৰঃ ইয়াত পানদোকানীজন , তেওঁৰ সম্বন্ধীয় বা নপাম অঞ্চলৰ কাকো বিদেশী বুলি কোৱা হোৱা নাই | নপামত বহু হাজাৰ সংখ্যক ডি-ভোটাৰ বা সন্দেহজনক ভোটাৰ থকা বাবেহে বিদেশীসমস্যাৰ লগত তেওঁলোকৰ লগত সাঙুৰি লোৱা হৈছে | আৰু হয়তো শ্ৰীঘ্ৰে গোটেই অসমত যেতিয়া বিদেশী চিনাক্তকৰণ আৰু বিদেশী বিতাৰণৰ কাম আৰম্ভ হ’ব নপামো বাদ নপৰিব
|