Sunday, August 7, 2016

এজন লিখকৰ ডাযেৰি


ৰঙীন জোনাকী নিশাই হওক বা ধৰাৰ সেউজীয়া
কংক্ৰিতৰ যান্ত্ৰিকতাৰে ভৰা জীৱন
য’ত আছে আধুনিকতাৰ প্ৰলেপ,
মুখাপিন্ধা ভদ্ৰতা......
আৰু আছে কোলাহল
এককেন্দ্ৰিকতাৰ….
মই কিয়নো আহিলো এই পৃথিৱীলৈ ...
(আগলৈ....)






Wednesday, August 3, 2016

চিঠিঃ মানৱ সৃষ্ট ব্য়ৱস্থাৰ বেমেজালিবোৰ...


              ০৪-১০-২০১৪
মৰমৰ কল্পনা,
মই মুঠেই পৰচৰ্চা শব্দটোক লৈ বদনামলৈ ভয় নকৰো, অন্তত কাকো শাৰীৰিক বা মানসীক যান্ত্ৰনা দিয়া নাই, কাৰো পানীখোৱা পুখুৰীত বিহ ঢলা নাই | মোৰ চৰিত্ৰক লৈ কোনেও আঙুলী টোৱাব নোৱাৰে, কাৰণ মই এনে কোনো কাম কৰা নাই যিয়ে মোক কেতিয়াবা বিপদত পেলাব | আৰু নাৰী চৰিত্ৰক লৈও মই সন্ধেহী নহওঁ আৰু, কাৰণ বন্ধনৰ পাকচক্ৰৰ উদ্ধত মোৰ জীৱন তোমাৰ প্ৰতি সৃষ্টি হোৱা আবেগৰ বাবেই | পৰস্পৰৰ আগ্ৰহৰ প্ৰকৃতিৰ প্ৰেমমিল, দুয়োজনৰ সন্মতিক্ৰমে আগবঢ়া অনুভৱৰ সংগ্ৰামী জীৱন, প্ৰেম হ’ল সকলোৰে প্ৰাপ্য | মোক লৈ বিপদে মুৰ ঘমাই লাভ নাই, মই সকলো বিপদৰ বাবে সাজু সক্ষম পুৰুষ, অকলে তোমাৰ সৃষ্টিত মই পূৰ্ণাঙ্গ |
মোৰ যে এনে এক কল্পনাৰ জগত, বাস্তৱৰ লগত যিহেতু মিতিৰালীয়েই নাই, বাস্তৱেনোকি ৰতনা ৰচিব !  তোমাৰ পাছতেই আছে মোৰ লাহ-বিলাহৰ পৰা মুক্ত এখন আধ্যত্মিক জগত, পৰমবহ্মৰ লগত | হ’ব পাৰো এক ইশ্বৰক বিশ্বসী-সেয়া আল্লাই হওঁক বা গড | কিন্তু মানুহে বান্ধি দিয়া নিয়ম পালন কইব নোৱাৰো; এয়া জৰুৰীও নহয় | আস্তিক আৰু নাস্তিক একেদৰেই জীয়াই আছে, প্ৰকৃতিয়ে দুয়োকে দিছে সম অধিকাৰ | কিন্তু মানৱ সৃষ্ট ব্যৱস্থাৰ বেমেজালিবোৰত কেতিয়াবা বিমুৰত পৰো আৰু নিশব্দ যি নিশব্দই হৈ থাকো..... কোৱাই কবই, সেয়াই তেওঁলোকৰ কাম |
প্ৰান্তত...

নিশব্দ ...

চিতাবোৰ জ্বলিছে

চিতাবোৰ জ্বলিছে
কিন্তু,
চিতাত উঠাৰ আগতেই দেখোন
মানুহবোৰ জ্বলি শেষ হৈছে !!
অসমত এতিয়া দৃশ্যমান
চিতাৰ জুয়ে জগত পোহৰোৱাৰ চেষ্টা কৰিছে....
আৰু পৰিবৰ্তনৰ কল্পনাত
আপোন চিতাত জুই দি অসমী আইক খণ্ডিত কৰিব বিচৰা
আইৰ সন্তানবোৰ দেখোন মূৰ্খ মানুহ বুলি জগতে হাঁহিছে...


Tuesday, August 2, 2016

পৰাজিত নেতা



মই ভাবিছিলো মযেই আছিলো সমাজ গঢ়োতা য়ুগপুৰুষ
আৰু ভাবিছিলো পতন পথত সমাজ...
এতিয়া মোক সমাজে গালি পাৰে
ৰাস্তাৰ কুকুৰক লেই লেই চেই চেই ৰ দৰে.....

কাৰণ মই নিৰ্বাচনত পৰাজিত ৰাজনৈতিক নেতা...
ৰচনাকালঃ ১৯-০৬-২০১৬

উত্তৰ: প্ৰথম চিঠি....

নিশব্দতাৰ মোৰ দেৱতা....                                             ২৬-০৮-২০১৪
       এয়া আপোনালৈ বুলিয়েই নহয় মোৰ জীৱণৰ প্ৰথমখন চিঠি | বৰ্তমানৰ ই-মেইল, ফেচবুক হোৱাট্‍ আপৰ যুগত মই কেতিয়াও চিঠি লিখাৰ প্ৰয়োজনবোধ কৰা নাছিলো | মনত অসংখ্য কথাৰ বুৰবুৰনি, আপোনাক যিমানেই জানিব-বা বুজিবৰ চেষ্টা কৰি গভীৰতালৈ সোমাই যাওঁ. গভীৰতাৰ পাৰাপাৰ নাপাওঁ |
আপোনাক লগ পোৱাৰ দিনটোৰ কথা মনত পৰে, আপোনি যেতিয়া তৰ্ক কৰি আছিল অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়ে বিশ্ববিদ্যালয়ৰ চপিং কম্লেক্সত | কাষতে মই বহি আছিলো, আপুনি হয়তো মোৰ উপস্থিতিক নসাত্‍ কৰিছিল একমাত্ৰ বিষয় বস্তুৰ গুৰুত্বত আৰু মই একানপতীয়া হৈ আপোনাৰ কথাবোৰক অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো | মোৰ শিক্ষা সাং হোৱাত মহানগৰীলৈ মই গুচি আহিলো আৰু এতিয়াহে আপোনাৰ লগত মোৰ সংযোগ হ’ল | বিশ্ববিদ্যালয়ৰ প্ৰতিদিনাই আপোনাৰ বাবেই মই চপিং কম্লেক্স গৈছিলো, কিন্তু আমাৰ বিদায়ৰ মাহটোত আপুনি এবাৰো নাহিল, ভাবিছিলো আপোনাৰ লগত চিনাকী হ’ম আৰু মনৰ কথা কম | কিন্তু.........
হয়তো গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজত আপোনাক সেইদিনা নোপোৱা হ’লে চিনাকিয়েই হ’ব নোৱাৰিলো হেতেন, চিৰিয়াখানাৰ পৰা আপুনি এ আই ডি চি ৰ ফালে যোৱাৰ দৰে ময়ো গৈ আছিলো , সন্ধিয়া সময়ত অকলশৰে মই বৰ নিঃসহায় আনুভৱ কৰিছিলো, উপায় নেপাই ভদ্ৰ লোক বিচাৰি আপোনাৰ সৈতে সংযোগ হৈছিল | মনে মনে ধন্য হৈছিলো মই ...
আপোনাৰ
কল্পনা...



চিঠিঃ আকাশত উৰাৰ মন আছিল

আকাশত উৰাৰ মন আছিল
আন্ধাৰত হেৰাই গ’ল মন
মৰমৰ কল্পনা,                                                                                     ০১-১০-২০১৪
প্ৰাপ্তিৰ অতৃপ্তৰা শেষ হোৱাৰ সময়তে মহামাৰিৰে দেখা দিছে মোৰ মনত | মোৰ আনন্দৰ ধাৰবোৰ ব’ব নোৱাৰা হৈছে আৰু সুখানুভূতিবোৰ অতীত আৰু বৰ্তমানৰ আক্ৰমনত বলি হৈছে | সপোনবোৰ ভাগি যাৱক, সমন্ধবোৰ ভাগি নগলেও হ’ল | কিন্তু সমন্ধবোৰ সপোনবোৰতকৈ থুনুকা , মনটো ভাগি নগ’লেই হ’ল বুলিয়েই সাহসেৰে জীয়াই আছো |
মই প্ৰায়ে ভাগি পৰো, ভাগি বাগৰি পৰো সময়ৰ গৰম বালিত | উচ্ছাহৰ জ্বলাণ্জ্বলি দি মই, পাগলৰ দৰে চিঞৰো ভিতৰি ভিতৰি | জন্মদিনৰ দৰে উত্সৱত ভাগ নোলোৱাৰ কাৰণটো মোৰ সিমানেই | এনে লাগে সমন্ধৰ ভঙা ছিঙাবোৰ ঠিক কৰিবলৈ চেষ্টা কৰাবোৰ মোৰেই গান |
মোৰ সপোনবোৰ বৰ ধুনীয়া আছিল, কাৰ্যত যেনেদৰে আগবাঢ়িব লাগিছিল তেনেদৰে আগবাঢ়িব নোৱাৰিলো | বৰ্তমান মোৰ অতীতৰ অকৰ্মন্যতাৰেই ফল | সময়ৰ এটি বান্ধোন থাকে আৰু বান্ধোনৰো থাকে এটি সীমা, সময়বোৰ পাৰ হৈ গ’লে সকলোবোৰ হেৰাই যাবও পাৰে আন্ধাৰত | আকাশত উৰাৰ মানসেৰে পাখি মেলিছিলো, পাখিবোৰ পূৰ্ণাঙ্গ নোহোৱাত দুৰ্বল দেহাই নুকুলালে, পৰাৰ পাছত উঠিব নোৱাৰিলো আৰু |
প্ৰান্তত
নিশব্দ


চিঠিঃ কি য়ে হ’ব....



মৰমৰ কল্পনা,                                                                                     ২৯-০৯-২০১৪
এইখিনিতে অলপ থমকি ৰ’ব দিয়া, যাতে মনৰ খেলি-মেলিবোৰ আঁতৰাব পাৰো | আগতে মই মোৰ মতে জগতখনক পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিলো | বেয়া কথা কোৱা, বেয়া বস্তু খোৱাক অপৰাধ গন্য কৰিছিলো | আৰু আজি মই সমাজৰ ধাৰাত বৈ আছো | সমাজ সলনি কৰিবলৈ গৈ মোৰ এই অৱস্থা, উচিত স্থানত অৱতৰণ কৰিব নোৱাৰা বাবেই মোৰ এই অৱস্থা | বিনামূলীয়া শিক্ষা(টিউচন), আনক উচিত দিশ, উপদেশ আৰু সহায় বহুত কৰিলো, নিজলে পাছে একো নাথাকিল | মোৰ আয়ৰ ধন শূণ্য |
কালৰাত্ৰিবোৰ পাৰ কৰি আছো, একো নাই মোৰ বৰ্তমান | আছে মাথো এটি হৃদয় আৰু হৃদয়ত মৰম, সকলোৰে বাবে | কিন্তু ভোকত আকৌ মৰম-চৰম একোৱেই কৰিবৰ শকতি নাথাকে |

এতিয়া ক’বলেও যেন শব্দ নাই বুজাবলৈকো...
প্ৰান্তত

নিশব্দ...
 

চিঠিঃ অনুভৱৰ ঢৌবোৰে আমনি কৰে


মৰমৰ কল্পনা,                                                                          তাং ইং ২৭/০৯/২০১৪
মই এতিয়াও বুজিবলৈ বাকী আছে, প্ৰেমৰ বিষয়ে | যদিও প্ৰেমে প্ৰেম কৰি বিৰহত ডুবাই থৈ চিৰজীৱণৰ বাবে মোক জ্বলাই থৈ গ’ল | এতিয়াও প্ৰেমৰ বাবে হাবাথুৰি খাওঁ, মৰম আকলোৱা যে আমাৰ হৃদয়বোৰ | এসময়ত একপক্ষীয় ধ্যান ধাৰণাই নাৰীৰ প্ৰতি মোৰ মনত বিৰূপ ধাৰণাৰ সৃষ্টি কৰিছিল | সেয়েহে ভাবো, মোৰ অপ্ৰকাশিত কথাবোৰৰ অনুভব কৰাব নোৱাৰা বাবেই মোৰ নিশ্বুপতাই এদিন তোমাক নৰকৰ যান্ত্ৰনা দিব | ভয় লাগে, পাৰিম যানো সেই আগৰ দৰে দুৰ্বাৰ প্ৰেম কৰিবলৈ, সমন্ধহে গঢ়ি উঠিছে | অগ্নিগড়ৰ শিলত বহি তোমাক সাৱতি সকলো পাহৰিবলৈ চেষ্টা কৰো যদিও সফল নহওঁ | তুমি ইমান সহজ সৰল যে তোমাক মই মই মোৰ কথাবোৰৰ দ্বাৰা যান্ত্ৰনা দিব নোখোজো | আজি ফেচবুকত মোৰ বন্ধু এজনৰ আপডেট এটা পাইছো, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অভিজিত্‍ ৰয়ৰ, ‘Love isn't something you find, love is something that finds you.’ তোমাৰ প্ৰতি মোৰ কিমান মৰম সেয়া মই বুজি পাওঁ, মাত্ৰ মোৰ আবেগহে নাই, আগৰ দৰে | তুমি চিৰজীৱন কল্পনা হৈ থাকিলেও হ’ব; সেয়েহে চাগে তুমি দুৰত থাকিলেও আবেগত দুৰ্বল হৈ নাযাওঁ
পাপ কৰ্ম কৰিলেও মোৰ অনুতাপ নহয় যেন লাগে আজিকালি, সেয়েহে বজাৰত বিক্ৰি হোৱা জীৱৰ মাংস খাবলৈ, মোৰ তেজ শুহিবলৈ অহা মহবোৰক হত্যা নতুবা মোৰ গছকত মৃত্যু হোৱা পইতাচোৰা, পোক-পৰুৱা আদিৰ বাবে মোৰ হৃদয় শূণ্য |
আজিকালি কথা বেছিকৈ কোৱাৰ পৰা বিৰত থাকো | কিন্তু অনুভৱৰ ঢৌবোৰে আমনি কৰিলেই লিখিবলৈ আৰম্ভ কৰো অপ্ৰকাশিত কথাবোৰ, তোমাক কেতিয়াও নিদিয়া চিঠিবোৰৰ মাজেৰে |
প্ৰান্তত
তোমাৰ
নিশব্দ


চিঠিঃ মযো সেই একে বাট হেৰুৱা পথিকেই...............

                  
মৰমৰ কল্পনা,                                                                                   তাং ইং ২৬/০৯/২০১৪
     বিশাল এই পৃথিৱীৰ একা বেঁকা ৰাস্তাবোৰ বৰ জযাল , অন্য় দহ জনৰ দৰে সেয়েহে বৰ্তমান মযো জীৱনৰ বাটত ভয়ে খোঁজ পেলাও , খুব সাৱধানে আৰু সন্তৰ্পনে | পথ হেৰুৱা পথিকসকলৰ দৰে হাবাথুৰি খাই কেতিয়াবা মযো ভ্ৰম বকো, ভাল কি বেযা কি , উচিত কি অনুচিত কি, সত্য় কি অসত্য় কি তাক লৈ জটিলতাৰ মাজত সোমাই পৰোঁ | আকৌ মই কোন, কি মোৰ উদ্দেশ্য় তাক লৈও বিবুধিত পৰো, মাত্ৰ পতিয্ণ নিয়াওঁ নিজকে যে প্ৰকৃতি্যে য়িদৰে মোক সৃষ্টি কৰাৰ পৰা মোৰ বিকাশলৈ মোক উত্কৃষ্টতা দি আছে, নিয়মৰ বান্ধোনত মইও কৰ্তব্য় পালন কৰি প্ৰকৃতিৰ নিযমতেই তাইৰ(প্ৰকৃতি) লগত বিলীন হৈ য়াব লাগে, বচ |
            বাৰু তুমি এটা কথা কোৱা তোমাৰ চাৰিওফালে য়দি আন্ধাৰ থাকে, আৰু তোমাক বেৰী যদি অকল সুউচ্চ পাহাৰহে থাকে, য়'ত তোমাৰ মাতটোৰ প্ৰতিধ্বনি হোৱাৰ বাহিৰে অন্য় কাৰো মাত নুশুনা বা নেদেখা, নেদেখা অন্য় কোনো নৰ-মনুহ্য়; তেনে সময়ত তোমাৰ কেনে লাগিব বাৰু অনুভৱ কৰাচোন ? আজিকালি এনে এক পৰিস্থিতিতেই পথ হেৰুৱাই পেলাইছোঁ মই , অন্য় পথহেৰুৱা পথিকসকলৰ দৰে | দিশহাৰা জীৱনত মাথো কৰ্ম পিপাসু হোৱাৰ সাহসতেই মই কাম কৰি গৈছো, ফলৰ কথা চিন্তা নকৰি |
            *তোমাক বেছি প্ৰশ্ন সুধি আমনি কৰিব নিবিচাৰো য়দিও মাথো মোৰ মনৰ ব্য়গ্ৰতাক দূৰ কৰিবৰ বাবেই কোৱা ; কোন সাহসতনো তুমি মোৰ সৈতে শব্দালিঙ্গন  কৰিবলৈ বাধ্য় হ’লা ?           
           শেষত আকৌ মই জনাই থওঁ, মই ব্য়ক্তিগত স্বাৰ্থতকৈ সামূহিক স্বাৰ্থত গুৰুত্ব দি আহিছো য়দিও মইও আত্মকেন্দ্ৰিক, কাৰণ অশেষ চেষ্টাৰ পাছতো নিজৰ অহংকাৰক ত্য়াগ কৰিব পৰা নাই এতিযাও | মোৰ লগত বাস্তৱৰ সৈতে তোমাক মুখামুখি হ'বলৈ নিদোঁ য়দিও তোমাৰ অধিক আগ্ৰহে হয়তো টানি আনিব পাৰে তোমাক অ্ন্য় এটি পৃষ্ঠালৈ | মুঠতে এই সময়চোৱাত তুমি মোৰ দৰে দিশহাৰা নহ’বা, ডেউকা লগাই উৰি যোৱা মনটোক চম্ভালিভা তোমাৰ নিজৰ ভালৰ বাবে |
প্ৰান্তত
তোমাৰ আঁখিপটৰ সুন্দৰতাত মুগ্ধ
এজন...........


‘নিশব্দ’

চিঠি: প্ৰভাতে বিকশিত স্বপ্ন

আঁৰৰ কথাঃ চিঠিৰ আদান প্ৰদানৰ অভ্যাস সৰুৰে পৰা গঢ় লৈ উঠিছিল | এসময়ত প্ৰত্ৰ-বন্ধুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিছিলো, ভাৱ ধাৰাৰ বিনিময়ৰ যোগেদি | পত্ৰবন্ধুৰ ওপৰিও দেউতা,স্কুলৰ বন্ধু-বান্ধবী, বাইদেউ সকল, দূৰৈৰ ককাইদেউ বাইদেউ, সমন্ধীয় সকলোৰে লগত সমন্বয়ৰ বান্ধদাল চিঠিৰ যোগেদিয়েই বান্ধ খাই আছিল | সময়ৰ সোঁতত হেৰাই যোৱা সম্পৰ্ক আৰু নামবোৰ মনত পেলাবলৈ বৃথা চেষ্টা নকৰো আৰু এনে কৰিলে মনটো ভাৱগধুৰ আৰু আবেগিত হৈ পৰে | এই চিঠিৰ শৃংখলাটো ৰাইজলৈ মুকলী কৰি দিছো কাল্পনিক প্ৰেয়সীলৈ লিখা চিঠি আৰু উত্তৰৰ মাধ্যমেৰে, আশা কৰিছে ৰাইজে পঢ়ি তেওঁলোকৰ দিনবোৰ পাবলৈ সক্ষম হ’ব |

                                       
মৰমৰ                                                           ইং ২৫/০৯/২০১৪
       কল্পনা,
       পুৱা উঠিয়েই চকুত যি ভাহি উঠে, উদ্যমেৰে সেই স্বপ্ন পূৰণৰ বাবে  দিনে ৰাতিয়ে দেহে-কেহে খাটো | কিন্তু তথাপিও সময়ৰ লগত খোজ মিলাব পৰা নাই যেন লাগে নিজকে, বৰ্তমানৰ পৰিস্থিতিত মোৰ চিন্তাধাৰা আদিম যুগৰে বুলি কোনো কোনোৱে ভৰ্ৎসনা কৰেসময়ে ডেউকা কোবাই আৰু পৰিস্থিতিৰ দাসত্বই মোক আৰু কোঙা কৰি তোলে , কৰিব বিচৰামতে নহয়গৈ একো | যাৰ ফলশ্ৰুতি মই বৰ্তমান মোৰ নিৰবতা, প্ৰৱল ধুমুহা বৰষুণ অহাৰ আগৰ সময়চোৱাৰ দৰে | ৰণ চলি আছে, ভাগ্যই তৰিলে দেশ, মৰিলে সকলো শেষ|
       তুমি এতিয়া চঞ্চল নদী, তোমাৰ গোলাপী ওঠৰ প্ৰতি টোপাল শব্দই মোৰ কানত গানৰ সৃষ্টি কৰে | হয় আনে বেয়াও পাব পাৰে তুমি যে মেছিনগানৰ দৰে কথা কোৱা | মোৰ কিন্তু বেয়া নালাগে তুমি কোৱা কথাবোৰৰ দৰে জঁপিয়াই ফুৰিলে ; আৰু ভাল লাগে তুমি যেতিয়া নাকটি কোচায় মুখখন বেঁকা কৰি `হুহ’ বুলি উচ্চাৰণ কৰে, হৃদয়ত তোমালৈ মৰম উপচি পৰে | মোৰ হাজাৰ বছৰৰ মগজুৰ শূণ্যতাত বৰ্তমানত তোমাৰ উপস্থিতিয়ে আমনি কৰি আছে ; কোলাহলত তোমাৰ শব্দ আৰু ভিৰৰ মাজত তোমাৰ কাজলসনা দুচকু বিচাৰি আজিকালি মই জগতখনত হাজাৰপাক মাৰিবলৈ ভয় নকৰো |
     এতিয়া প্ৰভাতে বিকশিত স্বপ্নৰ অন্য এটি ৰূপ হয়তো তুমিও, নোপোৱা হেপাহবোৰৰ কিছু অংশ (জন্মদিনৰ পৰাই নোপোৱা যৌৱনৰ স্বপ্ন) | কথাবোৰ জানি গঙ্গাটোপ নোহোৱাযেন, কাঁইটীয়া জীৱনৰ ৰং সঘনাই সলনি হৈ থাকে | প্ৰভাতে বিকশিত স্বপ্নই সন্ধিয়া এটি আকাৰ পায় আৰু ৰাতিৰ স্বপ্নত হেপাহবোৰে বাস্তৱ হয় টোপনিৰ মাজেৰে, তোমাক কিদৰেনো ধন্যবাদ দিম মই , ভাবোতেই ৰাতি পুৱাই |

প্ৰান্তত
নিশব্দ