Thursday, September 27, 2012

বিদেশীঅনুপ্ৰৱেশকাৰী আৰু কিছু প্ৰাসংগিক চিন্তা

বৰ্তমান অসমৰ অতি স্পৰ্শকাতৰ বিষয়টি হৈছে অবৈধ অনুপ্ৰবেষকাৰী আৰু সাম্প্ৰদায়িক সংঘৰ্ষ |যাক লৈ বিভিণ্ণ পন্থিয়ে বিভিণ্ণ ধৰণে এই সমস্যক আমাৰ সংবাদ মাধ্যমত গঢ়ি-পিটি সমগ্ৰ বিষয়টোক অন্য এটা ৰূপ দি পেলাইছে | বিদেশী প্ৰৱজনৰ সমস্যাক লৈ বৰ্তমান সকলোৱেই চিন্তিত , তাত ধৰ্মৰ কথা অহা উচিত নহয় | যোৰহাটৰ পৰা গুৱাহাটীলৈকে মই যিমানবোৰ মুছলমান সম্প্ৰ্দায়ৰ বন্ধুককাইদেউ বা ভাইটি লগ পাইছো তেওঁলোকো বিদেশী বহিস্কাৰৰ বাবেওলাই আহিছে তেওঁলোক যিসকল অতীজৰ পৰাই অসমৰ বাসিন্দাযিসকলে মনে প্ৰানে অসম দেশক ভালপায় , তেওঁলোকৰ প্ৰতি অন্যায় ভাৱ ৰখা মই জনা বা মোৰ চিনাকীৰ কোনো অন্যসম্প্ৰদায়ৰ লোক নাই | তেনেস্‍হলত যিসকল বিদেশী লাগিলে তেওঁলোক বাংলাদেশৰ পৰা হিন্দুৱেই হওঁক বা ভূটান বা নেপালৰে হওঁকবিদেশী মানে বিদেশী তাত ভেদভাৱ ৰখাটোৱে আমাৰ দেশৰ যে এটি সুপৰিকল্পিত ব্যৱস্তা নাই স্‍হানীয় লোকসকলৰ অস্‍হিত্ব ৰক্ষ্যাৰ্থে তাকে বুজাইছে | তাক আমি সকলো ভাৰতীয়ই অনুভৱ কৰা উচিত তদুপৰি বৰ্তমানৰ আটাইতকৈ পুতৌজনক কথাটো হল সংবিধানৰ চতুৰ্থ স্তম্ভক লৈ , মানে সংবাদ মাধ্যকক লৈ , তেওঁলোকৰ ভূমিকাত এনেধৰণৰ পক্ষপাতিত্ব দেখা গৈছে যি ভাৰতীয় লোকসকলৰ আত্মমৰ্য্যতাকো যে অনাগত সময়চোৱাত ম্লান কৰি নিদিব তাকো উলাই কৰিব নোৱাৰি |

             উন্মুক্ত সীমান্ত আৰু ভোটবেংক ৰাজনীতি বা যিয়েই নহওক অসমত বিদেশী যে আহি আছে সেয়া সকলোৱে জানেকোকোৰাঝাৰ আৰু ধুবুৰী অঞ্চলত সেইমতে এই পৰিমানো বেছি তাকে উপলব্ধি কৰাহেতেন ৰেডিয়েঞ্চ ভিউচউইকলি (RADIENCE Viewsweekly) নামৰ সাপ্তাহিক আলোচনি খনত  ছেপ্তেম্বৰ -৮ৰ অনুপ্ৰবেশকাৰীসকলক বেংলাভাষী অসমীয়া মুছলমান বুলি কৈ তেওঁলোকৰ হকে নিলিখিলেহেতেন এনেধৰণৰ লেখাই যে বহিঃসমাজত সূদুৰ প্ৰভাৱ পেলাব তাক উলাই কৰিব নোৱাৰে আৰু এনে ধৰণৰ সমবেদনা সৃষ্ট কৰাৰ বাবেই চাগে বাংগালোৰত বা পুনেত অসমবিৰুধী চক্ৰান্তবোৰ অধিক হব ধৰিছে | সেয়েসে সজাগ অসমীয়া সকলৰ প্ৰতি আহ্বান থাকিল যেন তেওঁলোকে এনেধৰণৰ লেকাম নাইকীয়া লেখাৰ সমূচিত উত্তৰ দিয়ে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলেও আহ্বান থাকিল যাতে তেওঁলোকে কোনো  গুৰি নাথাকা কথাৰে বিশ্ববাসীক অভূৱা নেভাঁৰে | 

 
                                                                                             

Wednesday, September 26, 2012

ব্যঙ্গ গল্পঃ



                                এহঃ ফুৰ্টি কৰ
                            (দুজন প্ৰেমিক বন্ধুৰ কাহিনী)

                                                                  -গৌতম বৰুৱা

-ঐ নতুন এজনি পালো, এতিয়া তাইলে মনতে নপৰে দেখোন | হাঃ হাঃ হাঃ, মজা-মজা, ফুৰ্টি-ফুৰ্টি |
:ও পাছে মই জনাত তাইও নতুন এজন পালে |
-কি?????????????????????????? ( ধেং ধং ধেং ....যেন বৰ চোকা শেলে খোচ মাৰিলেহি  বুকুত )
:ও মই দীঘলিপূখুৰীৰ পাৰত তাইক দেখি আহিছো |
-সচাঁকে নে.....তাই মোক এৰা দুদিনেই হোৱা নাই, বেলেগ পতালেই | ...বৰ নষ্ট চৰিত্ৰৰ ছোৱালী দেই, বৰবাদ কৰি দিম ৰ’..... চিনি পোৱা নাই মোক | মোৰ লগত তাইৰ সকলো গোপন মূহুত্তৰ ছায়াছবি বিলাক সামাজিক কৰি দিম ৰ’ , তাইৰ অতি গোপনীয়তা বোৰ মই.....সমাজৰ আগত মই তাইক... মই তাইক বেশ্যা প্ৰমাণিত কৰি দিম ৰ’ |
: চুপ থাক, তয়োটো এতিয়া সূখী বেলেগৰ লগত, তাইক বেলেগৰ লগত দেখি জ্বলিছ’ কিয়হে ? ফুৰ্টি কৰ , ফুৰ্টি কৰ , তাই তোক এঅৰি বেলেগৰ লগত সূখী মানে তোক লৈ অসূখী ...যাব দে এতিয়াই গুচি গ’ল বিয়া পাতাৰ পাছত গুচি যোৱাহেতেন কেনে লাগিল হেতেন তোৰ |
-নাই ভাই, মই জীয়াই থাকিবই নোৱাৰিছো তাইকো জীয়াই থাকিব দিব নোৱাৰা | বৰৰ...বাদ কৰি দিম মই তাইক, লাগিলে ময়ো শেষ হৈ যাম |

এক বছৰৰ পাছত----------
: ঐ ভাই কেনে আঁছ ?
-ভালে আঁছো দে , চাকৰিৰ পৰা এই মাত্ৰহে পালোহি |
: জুবিলীলে মনত পৰেনে ?
-কোন জুবিলী অ’...... ? অ’ তই জুবিৰ কথা কৈছ , তাই কেতিয়াবাই মৰিল মোৰ কাৰণে | তাই এৰি যোৱাৰ পাছত নতুনবোৰে এদিনো আহৰি নিদিলে তাইক মনত পেলাবলৈ , এয়া ফেচবুকৰ যুগ দোস্ত |
: বাৰু বাদ দে ,আজিৰ কাৰ্য্যক্ৰম কি তোৰ ?
-আজি মই বৰ্ফি চাবলৈ যাম মোৰ নতুন প্ৰেয়সীৰ লগত |
: দুমাহ মানৰ আগতে কৈছিলি যে তায়েই নেকী ?  
-নাই ভাই তাইক কেতিয়াবাই এৰিলো | তাইয়ো বৰ অসতী আছিল |
 : অ’ কে, অ’ কে,  ফুৰ্টি কৰ ভাই ফুৰ্টি কৰ |
:পাছে তোৰ ক’, কি চলিছে |
-মোৰ নাই, সেই আগৰ দৰেই | অকলশৰীয়া | এবাৰেই যি পালো আৰু নালাগে আৰু দেই ভগবান |
: মজা, বিন্দাচ .... তেন্তে ভালেই দে মূৰ কামোৰণিবোৰৰ পৰা বাছি আছ কমচেকম |

কিননো কম... এয়া আনন্দৰ সময়নে, বিষাদৰ নে হাঁহি বা কান্দোনৰ, নিজৰ মূৰে দেখোন আজিকালি কামেই নকৰে, দুটকাৰো আৰ্জন নাই তাৰ ওপৰত কাৰোবাৰ কথা ভবো কেনেকৈ, কিন্তু হয় লাগে জীৱণত মৰম চেনেহৰ খুবে প্ৰয়োজন | পাছে..... লগে-ভাগে থাকিলেও ফূৰ্টি, অকলশৰে থাকিলেও বিন্দাচ, মুঠতে চব একে, জঞ্জাল সকলোতে আছে |  হাঃ হাঃ হাঃ , বাদ দে যা, এহঃ ফুৰ্টি কৰ |

Saturday, September 22, 2012

দুই নাওঁত দুই ভৰি

"শক্তিশালী মনৰ অধিকাৰী হ’বলৈ সকলো দুৰ্বলতা অতিক্ৰমি কৰিবই লাগিব |মোৰ দুৰ্বলতা ইমানেই যে মই মানসিক ভাবে অলপ বেছিয়েই সবল, যি মানসিক সবলতাক মানুহে কেতিয়াবা আত্মকেন্দ্ৰীকতা বুলি কয় |হয় , কাৰোবাৰ দীৰ্ঘস্‍হায়ী সুখৰ বাবে মই মোক আত্মকেন্দ্ৰীক কৰি তুলিছো |বৰ্তমান নিৰৱ-নিশব্দ মোৰ বুকু কোমলি নুঠে কাৰো বিননি শুণি |" এয়া বৰ্তমান মোৰ চিন্তাৰ ফচল যে মই বহুপৰিমানে মানসিক সবলতাৰ গৰাকী হ’ব পাৰিছোঁ আৰু মোৰ উপৰুক্ত কথাবোৰত তাকে ফুটি উঠিছে | মই যান্ত্ৰিক জীৱ্ণক আঁকোৱালি লোৱা নাই হয়, অথচ বহুতো সময়ত যান্ত্ৰিকতাৰ মেৰপাকত যান্ত্ৰিক হবলৈ বাধ্য হৈছোঁ | দুই নাওঁত দুই ভৰি উপকাৰ কৰি অজগৰৰ পেটলৈ যাম নে, নিৰবে থাকি আনৰ ধ্বংসৰ নিৰব দৰ্শক হম | মা-দেউতাক আগস্‍হান দিমনে প্ৰেয়সীৰ সূখৰ বাবে মা-দেউতাৰ ইচ্ছাৰ বিৰোদ্ধে যাম | মোৰ লক্ষ্য আৰু কৰ্মক আগস্‍হান দিমনে বাহ্যিকতা, আধুনিকাতাৰ বিলাস, অপসংস্কৃতি আৰু প্ৰেৰণাশূন্য এফলীয়া আত্মকেন্দ্ৰীক বিননিবোৰৰ প্ৰভাবত পৰি লক্ষ্যভ্ৰষ্ট হ’ম | বিনিময় প্ৰথা মতে যদি চলা হয়, সূখ দিলে সূখ দিবা আৰু দূখ দিলে দূখ দিবা | তেনেহ’লে মই মোৰ মাক  মোৰ দেউতাক কেতিয়াও পৰিশোধ কৰি নোৱাৰা মৰমৰ ধাৰ পৰিশোধ কৰিব আছে | মই কামনা-বাসনা আৰু কাৰো প্ৰেমৰ অন্ধ মায়াজালত সোমাই জীৱণটো বিলাসী কৰিব নোৱাৰো | মা-দেউতাৰ সূখৰ বাবে মই হাজাৰ প্ৰেয়সী ত্যাগ কৰিব পাৰো | সেয়েহে মোৰ সন্ধানত অহা প্ৰত্যেককে একেবোৰ কথাকে কৈ মই কওঁ যে....."  কিন্তু এই বুলি মই তোমাক ত্যাগ কৰা নাই , মই তোমাৰ বাবেই বৰ্তমান তোমাক ত্যাগ কৰিছো | তুমি সূখী হোৱা জীৱণত, মোৰ ওচৰত বৰ্তমান সূখৰ ভাণ্ডাৰৰ অভাৱ, আনৰ কাষত থকা সূখৰ অফুৰন্ত উত্সবিলাকে তোমাৰ সেই অভাব পুৰণ কৰিব |"   ‘অন্তত আনক সূখী কৰিব নোৱাৰিলেও দুখী নকৰিবা’, এনে বাণীৰ বিনামূলীয়া প্ৰচাৰক ময়ে |  অভিজ্ঞতাৰৰে পুষ্ট হৈ  অলপ কঠিনতাৰেই  ময়ে আকৌ ক’ব বিচাৰিম যে পৰিস্‍হিতি সাপেক্ষ্যে কাৰোবাৰ দীৰ্ঘস্‍হায়ী  সূখৰ বাবে ক্ষণস্‍হায়ী দুখ দিয়াটো কোনো ধৰণৰ ভূল নহয় |