Thursday, September 27, 2012

বিদেশীঅনুপ্ৰৱেশকাৰী আৰু কিছু প্ৰাসংগিক চিন্তা

বৰ্তমান অসমৰ অতি স্পৰ্শকাতৰ বিষয়টি হৈছে অবৈধ অনুপ্ৰবেষকাৰী আৰু সাম্প্ৰদায়িক সংঘৰ্ষ |যাক লৈ বিভিণ্ণ পন্থিয়ে বিভিণ্ণ ধৰণে এই সমস্যক আমাৰ সংবাদ মাধ্যমত গঢ়ি-পিটি সমগ্ৰ বিষয়টোক অন্য এটা ৰূপ দি পেলাইছে | বিদেশী প্ৰৱজনৰ সমস্যাক লৈ বৰ্তমান সকলোৱেই চিন্তিত , তাত ধৰ্মৰ কথা অহা উচিত নহয় | যোৰহাটৰ পৰা গুৱাহাটীলৈকে মই যিমানবোৰ মুছলমান সম্প্ৰ্দায়ৰ বন্ধুককাইদেউ বা ভাইটি লগ পাইছো তেওঁলোকো বিদেশী বহিস্কাৰৰ বাবেওলাই আহিছে তেওঁলোক যিসকল অতীজৰ পৰাই অসমৰ বাসিন্দাযিসকলে মনে প্ৰানে অসম দেশক ভালপায় , তেওঁলোকৰ প্ৰতি অন্যায় ভাৱ ৰখা মই জনা বা মোৰ চিনাকীৰ কোনো অন্যসম্প্ৰদায়ৰ লোক নাই | তেনেস্‍হলত যিসকল বিদেশী লাগিলে তেওঁলোক বাংলাদেশৰ পৰা হিন্দুৱেই হওঁক বা ভূটান বা নেপালৰে হওঁকবিদেশী মানে বিদেশী তাত ভেদভাৱ ৰখাটোৱে আমাৰ দেশৰ যে এটি সুপৰিকল্পিত ব্যৱস্তা নাই স্‍হানীয় লোকসকলৰ অস্‍হিত্ব ৰক্ষ্যাৰ্থে তাকে বুজাইছে | তাক আমি সকলো ভাৰতীয়ই অনুভৱ কৰা উচিত তদুপৰি বৰ্তমানৰ আটাইতকৈ পুতৌজনক কথাটো হল সংবিধানৰ চতুৰ্থ স্তম্ভক লৈ , মানে সংবাদ মাধ্যকক লৈ , তেওঁলোকৰ ভূমিকাত এনেধৰণৰ পক্ষপাতিত্ব দেখা গৈছে যি ভাৰতীয় লোকসকলৰ আত্মমৰ্য্যতাকো যে অনাগত সময়চোৱাত ম্লান কৰি নিদিব তাকো উলাই কৰিব নোৱাৰি |

             উন্মুক্ত সীমান্ত আৰু ভোটবেংক ৰাজনীতি বা যিয়েই নহওক অসমত বিদেশী যে আহি আছে সেয়া সকলোৱে জানেকোকোৰাঝাৰ আৰু ধুবুৰী অঞ্চলত সেইমতে এই পৰিমানো বেছি তাকে উপলব্ধি কৰাহেতেন ৰেডিয়েঞ্চ ভিউচউইকলি (RADIENCE Viewsweekly) নামৰ সাপ্তাহিক আলোচনি খনত  ছেপ্তেম্বৰ -৮ৰ অনুপ্ৰবেশকাৰীসকলক বেংলাভাষী অসমীয়া মুছলমান বুলি কৈ তেওঁলোকৰ হকে নিলিখিলেহেতেন এনেধৰণৰ লেখাই যে বহিঃসমাজত সূদুৰ প্ৰভাৱ পেলাব তাক উলাই কৰিব নোৱাৰে আৰু এনে ধৰণৰ সমবেদনা সৃষ্ট কৰাৰ বাবেই চাগে বাংগালোৰত বা পুনেত অসমবিৰুধী চক্ৰান্তবোৰ অধিক হব ধৰিছে | সেয়েসে সজাগ অসমীয়া সকলৰ প্ৰতি আহ্বান থাকিল যেন তেওঁলোকে এনেধৰণৰ লেকাম নাইকীয়া লেখাৰ সমূচিত উত্তৰ দিয়ে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলেও আহ্বান থাকিল যাতে তেওঁলোকে কোনো  গুৰি নাথাকা কথাৰে বিশ্ববাসীক অভূৱা নেভাঁৰে | 

 
                                                                                             

No comments:

Post a Comment