Wednesday, September 26, 2012

ব্যঙ্গ গল্পঃ



                                এহঃ ফুৰ্টি কৰ
                            (দুজন প্ৰেমিক বন্ধুৰ কাহিনী)

                                                                  -গৌতম বৰুৱা

-ঐ নতুন এজনি পালো, এতিয়া তাইলে মনতে নপৰে দেখোন | হাঃ হাঃ হাঃ, মজা-মজা, ফুৰ্টি-ফুৰ্টি |
:ও পাছে মই জনাত তাইও নতুন এজন পালে |
-কি?????????????????????????? ( ধেং ধং ধেং ....যেন বৰ চোকা শেলে খোচ মাৰিলেহি  বুকুত )
:ও মই দীঘলিপূখুৰীৰ পাৰত তাইক দেখি আহিছো |
-সচাঁকে নে.....তাই মোক এৰা দুদিনেই হোৱা নাই, বেলেগ পতালেই | ...বৰ নষ্ট চৰিত্ৰৰ ছোৱালী দেই, বৰবাদ কৰি দিম ৰ’..... চিনি পোৱা নাই মোক | মোৰ লগত তাইৰ সকলো গোপন মূহুত্তৰ ছায়াছবি বিলাক সামাজিক কৰি দিম ৰ’ , তাইৰ অতি গোপনীয়তা বোৰ মই.....সমাজৰ আগত মই তাইক... মই তাইক বেশ্যা প্ৰমাণিত কৰি দিম ৰ’ |
: চুপ থাক, তয়োটো এতিয়া সূখী বেলেগৰ লগত, তাইক বেলেগৰ লগত দেখি জ্বলিছ’ কিয়হে ? ফুৰ্টি কৰ , ফুৰ্টি কৰ , তাই তোক এঅৰি বেলেগৰ লগত সূখী মানে তোক লৈ অসূখী ...যাব দে এতিয়াই গুচি গ’ল বিয়া পাতাৰ পাছত গুচি যোৱাহেতেন কেনে লাগিল হেতেন তোৰ |
-নাই ভাই, মই জীয়াই থাকিবই নোৱাৰিছো তাইকো জীয়াই থাকিব দিব নোৱাৰা | বৰৰ...বাদ কৰি দিম মই তাইক, লাগিলে ময়ো শেষ হৈ যাম |

এক বছৰৰ পাছত----------
: ঐ ভাই কেনে আঁছ ?
-ভালে আঁছো দে , চাকৰিৰ পৰা এই মাত্ৰহে পালোহি |
: জুবিলীলে মনত পৰেনে ?
-কোন জুবিলী অ’...... ? অ’ তই জুবিৰ কথা কৈছ , তাই কেতিয়াবাই মৰিল মোৰ কাৰণে | তাই এৰি যোৱাৰ পাছত নতুনবোৰে এদিনো আহৰি নিদিলে তাইক মনত পেলাবলৈ , এয়া ফেচবুকৰ যুগ দোস্ত |
: বাৰু বাদ দে ,আজিৰ কাৰ্য্যক্ৰম কি তোৰ ?
-আজি মই বৰ্ফি চাবলৈ যাম মোৰ নতুন প্ৰেয়সীৰ লগত |
: দুমাহ মানৰ আগতে কৈছিলি যে তায়েই নেকী ?  
-নাই ভাই তাইক কেতিয়াবাই এৰিলো | তাইয়ো বৰ অসতী আছিল |
 : অ’ কে, অ’ কে,  ফুৰ্টি কৰ ভাই ফুৰ্টি কৰ |
:পাছে তোৰ ক’, কি চলিছে |
-মোৰ নাই, সেই আগৰ দৰেই | অকলশৰীয়া | এবাৰেই যি পালো আৰু নালাগে আৰু দেই ভগবান |
: মজা, বিন্দাচ .... তেন্তে ভালেই দে মূৰ কামোৰণিবোৰৰ পৰা বাছি আছ কমচেকম |

কিননো কম... এয়া আনন্দৰ সময়নে, বিষাদৰ নে হাঁহি বা কান্দোনৰ, নিজৰ মূৰে দেখোন আজিকালি কামেই নকৰে, দুটকাৰো আৰ্জন নাই তাৰ ওপৰত কাৰোবাৰ কথা ভবো কেনেকৈ, কিন্তু হয় লাগে জীৱণত মৰম চেনেহৰ খুবে প্ৰয়োজন | পাছে..... লগে-ভাগে থাকিলেও ফূৰ্টি, অকলশৰে থাকিলেও বিন্দাচ, মুঠতে চব একে, জঞ্জাল সকলোতে আছে |  হাঃ হাঃ হাঃ , বাদ দে যা, এহঃ ফুৰ্টি কৰ |

No comments:

Post a Comment