আঁৰৰ কথাঃ চিঠিৰ আদান প্ৰদানৰ অভ্যাস সৰুৰে পৰা গঢ় লৈ
উঠিছিল | এসময়ত প্ৰত্ৰ-বন্ধুৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিছিলো, ভাৱ ধাৰাৰ বিনিময়ৰ
যোগেদি | পত্ৰবন্ধুৰ ওপৰিও দেউতা,স্কুলৰ বন্ধু-বান্ধবী, বাইদেউ সকল, দূৰৈৰ ককাইদেউ
বাইদেউ, সমন্ধীয় সকলোৰে লগত সমন্বয়ৰ বান্ধদাল চিঠিৰ যোগেদিয়েই বান্ধ খাই আছিল | সময়ৰ
সোঁতত হেৰাই যোৱা সম্পৰ্ক আৰু নামবোৰ মনত পেলাবলৈ বৃথা চেষ্টা নকৰো আৰু এনে কৰিলে
মনটো ভাৱগধুৰ আৰু আবেগিত হৈ পৰে | এই চিঠিৰ শৃংখলাটো ৰাইজলৈ মুকলী কৰি দিছো
কাল্পনিক প্ৰেয়সীলৈ লিখা চিঠি আৰু উত্তৰৰ মাধ্যমেৰে, আশা কৰিছে ৰাইজে পঢ়ি তেওঁলোকৰ
দিনবোৰ পাবলৈ সক্ষম হ’ব |
মৰমৰ
ইং ২৫/০৯/২০১৪
কল্পনা,
পুৱা উঠিয়েই চকুত যি ভাহি উঠে, উদ্যমেৰে সেই স্বপ্ন পূৰণৰ বাবে দিনে ৰাতিয়ে দেহে-কেহে খাটো | কিন্তু তথাপিও সময়ৰ লগত খোজ মিলাব পৰা নাই যেন লাগে নিজকে, বৰ্তমানৰ পৰিস্থিতিত মোৰ চিন্তাধাৰা আদিম যুগৰে বুলি কোনো কোনোৱে ভৰ্ৎসনা কৰে,
সময়ে ডেউকা কোবাই আৰু পৰিস্থিতিৰ দাসত্বই মোক আৰু কোঙা কৰি তোলে , কৰিব বিচৰামতে নহয়গৈ একো | যাৰ ফলশ্ৰুতি মই বৰ্তমান মোৰ নিৰবতা, প্ৰৱল ধুমুহা বৰষুণ অহাৰ আগৰ সময়চোৱাৰ দৰে | ৰণ চলি আছে, ভাগ্যই তৰিলে দেশ, মৰিলে সকলো শেষ|
তুমি এতিয়া চঞ্চল নদী, তোমাৰ গোলাপী ওঠৰ প্ৰতি টোপাল শব্দই মোৰ কানত গানৰ সৃষ্টি কৰে | হয় আনে বেয়াও পাব পাৰে তুমি যে মেছিনগানৰ দৰে কথা কোৱা | মোৰ কিন্তু বেয়া নালাগে তুমি কোৱা কথাবোৰৰ দৰে জঁপিয়াই ফুৰিলে ; আৰু ভাল লাগে তুমি যেতিয়া নাকটি কোচায় মুখখন বেঁকা কৰি `হুহ’ বুলি উচ্চাৰণ কৰে, হৃদয়ত তোমালৈ মৰম উপচি পৰে | মোৰ হাজাৰ বছৰৰ মগজুৰ শূণ্যতাত বৰ্তমানত তোমাৰ উপস্থিতিয়ে আমনি কৰি আছে ; কোলাহলত তোমাৰ শব্দ আৰু ভিৰৰ মাজত তোমাৰ কাজলসনা দুচকু বিচাৰি আজিকালি মই জগতখনত হাজাৰপাক মাৰিবলৈ ভয় নকৰো |
এতিয়া প্ৰভাতে বিকশিত স্বপ্নৰ অন্য এটি ৰূপ হয়তো তুমিও, নোপোৱা হেপাহবোৰৰ কিছু অংশ (জন্মদিনৰ পৰাই নোপোৱা যৌৱনৰ স্বপ্ন) | কথাবোৰ জানি গঙ্গাটোপ নোহোৱাযেন, কাঁইটীয়া জীৱনৰ ৰং সঘনাই সলনি হৈ থাকে | প্ৰভাতে বিকশিত স্বপ্নই সন্ধিয়া এটি আকাৰ পায় আৰু ৰাতিৰ স্বপ্নত হেপাহবোৰে বাস্তৱ হয় টোপনিৰ মাজেৰে, তোমাক কিদৰেনো ধন্যবাদ দিম মই , ভাবোতেই ৰাতি পুৱাই |
প্ৰান্তত
নিশব্দ
No comments:
Post a Comment