Tuesday, August 2, 2016

চিঠিঃ আকাশত উৰাৰ মন আছিল

আকাশত উৰাৰ মন আছিল
আন্ধাৰত হেৰাই গ’ল মন
মৰমৰ কল্পনা,                                                                                     ০১-১০-২০১৪
প্ৰাপ্তিৰ অতৃপ্তৰা শেষ হোৱাৰ সময়তে মহামাৰিৰে দেখা দিছে মোৰ মনত | মোৰ আনন্দৰ ধাৰবোৰ ব’ব নোৱাৰা হৈছে আৰু সুখানুভূতিবোৰ অতীত আৰু বৰ্তমানৰ আক্ৰমনত বলি হৈছে | সপোনবোৰ ভাগি যাৱক, সমন্ধবোৰ ভাগি নগলেও হ’ল | কিন্তু সমন্ধবোৰ সপোনবোৰতকৈ থুনুকা , মনটো ভাগি নগ’লেই হ’ল বুলিয়েই সাহসেৰে জীয়াই আছো |
মই প্ৰায়ে ভাগি পৰো, ভাগি বাগৰি পৰো সময়ৰ গৰম বালিত | উচ্ছাহৰ জ্বলাণ্জ্বলি দি মই, পাগলৰ দৰে চিঞৰো ভিতৰি ভিতৰি | জন্মদিনৰ দৰে উত্সৱত ভাগ নোলোৱাৰ কাৰণটো মোৰ সিমানেই | এনে লাগে সমন্ধৰ ভঙা ছিঙাবোৰ ঠিক কৰিবলৈ চেষ্টা কৰাবোৰ মোৰেই গান |
মোৰ সপোনবোৰ বৰ ধুনীয়া আছিল, কাৰ্যত যেনেদৰে আগবাঢ়িব লাগিছিল তেনেদৰে আগবাঢ়িব নোৱাৰিলো | বৰ্তমান মোৰ অতীতৰ অকৰ্মন্যতাৰেই ফল | সময়ৰ এটি বান্ধোন থাকে আৰু বান্ধোনৰো থাকে এটি সীমা, সময়বোৰ পাৰ হৈ গ’লে সকলোবোৰ হেৰাই যাবও পাৰে আন্ধাৰত | আকাশত উৰাৰ মানসেৰে পাখি মেলিছিলো, পাখিবোৰ পূৰ্ণাঙ্গ নোহোৱাত দুৰ্বল দেহাই নুকুলালে, পৰাৰ পাছত উঠিব নোৱাৰিলো আৰু |
প্ৰান্তত
নিশব্দ


No comments:

Post a Comment