০৪-১০-২০১৪
মৰমৰ কল্পনা,
মই মুঠেই পৰচৰ্চা শব্দটোক লৈ বদনামলৈ ভয় নকৰো, অন্তত কাকো
শাৰীৰিক বা মানসীক যান্ত্ৰনা দিয়া নাই, কাৰো পানীখোৱা পুখুৰীত বিহ ঢলা নাই | মোৰ চৰিত্ৰক লৈ কোনেও
আঙুলী টোৱাব নোৱাৰে, কাৰণ মই এনে কোনো কাম কৰা নাই যিয়ে মোক কেতিয়াবা বিপদত পেলাব | আৰু নাৰী চৰিত্ৰক লৈও মই
সন্ধেহী নহওঁ আৰু, কাৰণ বন্ধনৰ পাকচক্ৰৰ উদ্ধত মোৰ জীৱন তোমাৰ প্ৰতি সৃষ্টি হোৱা
আবেগৰ বাবেই | পৰস্পৰৰ
আগ্ৰহৰ প্ৰকৃতিৰ প্ৰেমমিল, দুয়োজনৰ সন্মতিক্ৰমে আগবঢ়া অনুভৱৰ সংগ্ৰামী জীৱন, প্ৰেম
হ’ল সকলোৰে প্ৰাপ্য | মোক লৈ বিপদে মুৰ ঘমাই লাভ নাই, মই সকলো বিপদৰ বাবে সাজু সক্ষম পুৰুষ, অকলে
তোমাৰ সৃষ্টিত মই পূৰ্ণাঙ্গ |
মোৰ যে এনে এক কল্পনাৰ জগত, বাস্তৱৰ লগত যিহেতু মিতিৰালীয়েই
নাই, বাস্তৱেনোকি ৰতনা ৰচিব ! তোমাৰ
পাছতেই আছে মোৰ লাহ-বিলাহৰ পৰা মুক্ত এখন আধ্যত্মিক জগত, পৰমবহ্মৰ লগত | হ’ব পাৰো এক ইশ্বৰক
বিশ্বসী-সেয়া আল্লাই হওঁক বা গড | কিন্তু মানুহে বান্ধি দিয়া নিয়ম পালন কইব
নোৱাৰো; এয়া জৰুৰীও নহয় | আস্তিক আৰু নাস্তিক একেদৰেই জীয়াই আছে, প্ৰকৃতিয়ে দুয়োকে
দিছে সম অধিকাৰ | কিন্তু মানৱ
সৃষ্ট ব্যৱস্থাৰ বেমেজালিবোৰত কেতিয়াবা বিমুৰত পৰো আৰু নিশব্দ যি নিশব্দই হৈ
থাকো..... কোৱাই কবই, সেয়াই তেওঁলোকৰ কাম |
প্ৰান্তত...
নিশব্দ ...
No comments:
Post a Comment