Tuesday, August 2, 2016

চিঠিঃ অনুভৱৰ ঢৌবোৰে আমনি কৰে


মৰমৰ কল্পনা,                                                                          তাং ইং ২৭/০৯/২০১৪
মই এতিয়াও বুজিবলৈ বাকী আছে, প্ৰেমৰ বিষয়ে | যদিও প্ৰেমে প্ৰেম কৰি বিৰহত ডুবাই থৈ চিৰজীৱণৰ বাবে মোক জ্বলাই থৈ গ’ল | এতিয়াও প্ৰেমৰ বাবে হাবাথুৰি খাওঁ, মৰম আকলোৱা যে আমাৰ হৃদয়বোৰ | এসময়ত একপক্ষীয় ধ্যান ধাৰণাই নাৰীৰ প্ৰতি মোৰ মনত বিৰূপ ধাৰণাৰ সৃষ্টি কৰিছিল | সেয়েহে ভাবো, মোৰ অপ্ৰকাশিত কথাবোৰৰ অনুভব কৰাব নোৱাৰা বাবেই মোৰ নিশ্বুপতাই এদিন তোমাক নৰকৰ যান্ত্ৰনা দিব | ভয় লাগে, পাৰিম যানো সেই আগৰ দৰে দুৰ্বাৰ প্ৰেম কৰিবলৈ, সমন্ধহে গঢ়ি উঠিছে | অগ্নিগড়ৰ শিলত বহি তোমাক সাৱতি সকলো পাহৰিবলৈ চেষ্টা কৰো যদিও সফল নহওঁ | তুমি ইমান সহজ সৰল যে তোমাক মই মই মোৰ কথাবোৰৰ দ্বাৰা যান্ত্ৰনা দিব নোখোজো | আজি ফেচবুকত মোৰ বন্ধু এজনৰ আপডেট এটা পাইছো, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ অভিজিত্‍ ৰয়ৰ, ‘Love isn't something you find, love is something that finds you.’ তোমাৰ প্ৰতি মোৰ কিমান মৰম সেয়া মই বুজি পাওঁ, মাত্ৰ মোৰ আবেগহে নাই, আগৰ দৰে | তুমি চিৰজীৱন কল্পনা হৈ থাকিলেও হ’ব; সেয়েহে চাগে তুমি দুৰত থাকিলেও আবেগত দুৰ্বল হৈ নাযাওঁ
পাপ কৰ্ম কৰিলেও মোৰ অনুতাপ নহয় যেন লাগে আজিকালি, সেয়েহে বজাৰত বিক্ৰি হোৱা জীৱৰ মাংস খাবলৈ, মোৰ তেজ শুহিবলৈ অহা মহবোৰক হত্যা নতুবা মোৰ গছকত মৃত্যু হোৱা পইতাচোৰা, পোক-পৰুৱা আদিৰ বাবে মোৰ হৃদয় শূণ্য |
আজিকালি কথা বেছিকৈ কোৱাৰ পৰা বিৰত থাকো | কিন্তু অনুভৱৰ ঢৌবোৰে আমনি কৰিলেই লিখিবলৈ আৰম্ভ কৰো অপ্ৰকাশিত কথাবোৰ, তোমাক কেতিয়াও নিদিয়া চিঠিবোৰৰ মাজেৰে |
প্ৰান্তত
তোমাৰ
নিশব্দ


No comments:

Post a Comment