Tuesday, August 2, 2016

উত্তৰ: প্ৰথম চিঠি....

নিশব্দতাৰ মোৰ দেৱতা....                                             ২৬-০৮-২০১৪
       এয়া আপোনালৈ বুলিয়েই নহয় মোৰ জীৱণৰ প্ৰথমখন চিঠি | বৰ্তমানৰ ই-মেইল, ফেচবুক হোৱাট্‍ আপৰ যুগত মই কেতিয়াও চিঠি লিখাৰ প্ৰয়োজনবোধ কৰা নাছিলো | মনত অসংখ্য কথাৰ বুৰবুৰনি, আপোনাক যিমানেই জানিব-বা বুজিবৰ চেষ্টা কৰি গভীৰতালৈ সোমাই যাওঁ. গভীৰতাৰ পাৰাপাৰ নাপাওঁ |
আপোনাক লগ পোৱাৰ দিনটোৰ কথা মনত পৰে, আপোনি যেতিয়া তৰ্ক কৰি আছিল অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিষয়ে বিশ্ববিদ্যালয়ৰ চপিং কম্লেক্সত | কাষতে মই বহি আছিলো, আপুনি হয়তো মোৰ উপস্থিতিক নসাত্‍ কৰিছিল একমাত্ৰ বিষয় বস্তুৰ গুৰুত্বত আৰু মই একানপতীয়া হৈ আপোনাৰ কথাবোৰক অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো | মোৰ শিক্ষা সাং হোৱাত মহানগৰীলৈ মই গুচি আহিলো আৰু এতিয়াহে আপোনাৰ লগত মোৰ সংযোগ হ’ল | বিশ্ববিদ্যালয়ৰ প্ৰতিদিনাই আপোনাৰ বাবেই মই চপিং কম্লেক্স গৈছিলো, কিন্তু আমাৰ বিদায়ৰ মাহটোত আপুনি এবাৰো নাহিল, ভাবিছিলো আপোনাৰ লগত চিনাকী হ’ম আৰু মনৰ কথা কম | কিন্তু.........
হয়তো গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজত আপোনাক সেইদিনা নোপোৱা হ’লে চিনাকিয়েই হ’ব নোৱাৰিলো হেতেন, চিৰিয়াখানাৰ পৰা আপুনি এ আই ডি চি ৰ ফালে যোৱাৰ দৰে ময়ো গৈ আছিলো , সন্ধিয়া সময়ত অকলশৰে মই বৰ নিঃসহায় আনুভৱ কৰিছিলো, উপায় নেপাই ভদ্ৰ লোক বিচাৰি আপোনাৰ সৈতে সংযোগ হৈছিল | মনে মনে ধন্য হৈছিলো মই ...
আপোনাৰ
কল্পনা...



No comments:

Post a Comment