Thursday, May 30, 2013

‘কু-ফুৰ্টিৰ প্ৰফেছাৰ কু কে ফুৰ্ঠিৰ কু-ফুৰ্টি’

আপোনালোকৰ বাবে এটি নতুন চুটি গল্প-
চিঠিৰ শিৰোনামাঃ কু-ফুৰ্টিৰ প্ৰফেছাৰ কু কে ফুৰ্ঠিৰ কু-ফুৰ্টি
                                                        -গৌতম বৰুৱা
........................................................................................
.........................................................................................
 আম্মা, এয়া এই পৃথিৱীৰ কালছাৰ, ডিপাৰ্টমেন্টৰ নালাগে গোটেই পৃথিৱীৰ; দিয়া আৰু লোৱা | বাকীসকলে যি কৰে ময়ো তাকেহে কৈছো, মইটো কোৱা নাই তোমাক অন্য কিবা নাভূত-নাশ্ৰুত কাম কৰিবলৈটো কোৱা নাই, তুমি ২৩ বছৰীয়া মূলাগাভৰু এতিয়া; মোৰ আগত ড্ৰামা কুইন হৈ কান্দি দেখুৱাব নালাগে| মোৰ ঘৰলৈ আহিবা, মই তোমাৰ ডিজাৰটেচন এপ্ৰভ কৰি, চহী কৰি দিম, ভাল গ্ৰেড পাবা | অন্যথা...........................
-চাৰ, আপুনি....মোৰ ঘৰৰ পৰা এনে শিক্ষা দিয়া নাই যে ৬০ বছৰীয়া ককাদেউতাৰ বয়সৰ মানুহৰ লগত মই........................
: হে, তুমি কি যে অযথা কথাবোৰ চিন্তা কৰি আছা | লোক এট মি, মই এতিয়া দহটা ডেকা লৰাতকৈ বেছি তেজাল | আৰু চোৱা (চোলাটো খুলি) , মই পিউৰ ব্ৰাহ্মিন, মোৰ লগুনডাল চোৱা, মোৰ গাত কিবা অভাৱ দেখিছা নেকী তোমাৰ পূণ্য হব বেটি............ | আৰু তোমালোকে মোক কি বুলি ভাবিছা, মই জানো নৰ্থ ইষ্টৰ ছোৱালী কিমান অপেন আৰু ইজিলি এভাইলেবল.........গতিকে মোক তুমি বুজাব নালাগে, চহী লাগে যদি মোৰ ঘৰলৈ গধুলী আহিবা, অন্যথা তুমি জহন্মানে যোৱা |
-চাৰ...(হুক , হুকাই ) মই নোৱাৰু চাৰ ! আপুনি যেনে তেনে....প্লিজ চাৰ, মই আপোনাৰ নাতিৰ বয়সৰ .....
: কি বলকি আছা এইবোৰ, এনেকে হলে তুমি ইণ্ডাষ্টিত কেনেকে কাম কৰিবা | তুমি জীৱণত একো কৰিব নোৱাৰা, গম পোৱা গৈছে......তুমি কেতিয়াও আগবাঢ়িব নোৱাৰা |
-ঠিক আছে চাৰ, মই যাওঁ
: হেকত যোৱা, ৰবা |
-চাৰ, মোৰ ঘৰৰ পৰা ফোন আহিছে...মই যাওঁ |
:(ফোনটো কাঢ়ি লৈ) শুনা, তুমি এগৰাকী এম এৰ ষ্টুণ্ডেট হে, পি এইচ ডি কৰিব আছেই , তুমি মোৰ আণ্ডাৰত পি এইচ ডি কৰা | তোমাৰ লাভেই লাভ, তুমি কষ্ট নকৰাকে ........মাথো মোক অলপমান...................| এয়া চোৱা তোমালোকৰ কল্পনা মেমক, তাইক কিমান সুবিধা দি আছো | আৰু মই যদি ভি চি হৈ যাওঁ দুবছৰ মান পাছত, তোমাক মই এছিছন্টেট প্ৰফেচাৰ বনাই দিম, চিন্তা নকৰিবা.......................তোমাৰ যৌৱনক কামত লগোৱা, ইমান ধুনীয়া শৰীৰ এটাক তুমি যদি কামত খটাব নোৱাৰা তেন্তে ইয়াৰ কাম কি??
-ঠিক আছে চাৰ কিন্তু কথাটো কাকো নকব, মই আপোনাৰ ৰুমলৈ আজি ৰাতি গৈ আছো |
.................ঘটনাৰ দিনাৰ সাৰাক্ষং আৰু কথোপকঠন এনেধৰণৰেই আছিল | আৰু এনেদৰেই কত যে গাভৰু ছাত্ৰীৰ অসহায় দুৰ্বলতাৰ সহায় লৈ প্ৰফেছাৰ কু কে ফুৰ্ঠিয়ে কোমল মাংসৰ সোৱাদ লৈ আছে, , তাৰ ঠিকনা নাই | ভাবিলে আচৰিত লাগে নহয়নে ৰিপন, কিন্তু মোৰ দৰে নম্য ভদ্ৰ আৰু সংস্কৃতিপৰায়ণ ছোৱালী এগৰাকীয়েও এনে ভূল কৰো পেলাব পাৰে, মইও জানো সমানে দোষী নহম নে বাৰু? তুমি মোক মাফ কৰি দিবা, মই তোমাৰ হব নোৱাৰিলো, দানবে মোৰ সকলো হৰণ কৰি লৈ গল................................... |

প্ৰান্তত-
তোমাৰ মৰমৰ অসহায় প্ৰেয়সী
জোনালী

(বিঃ দ্ৰঃ চিঠি খন লিখাৰ পাছতে, জোনালীৰ মৃত্যু হৈছিল চিলিং ফেনত নিজৰে কাপোৰেৰে তাই নিজকে ওলমোৱাৰ বাবে)

No comments:

Post a Comment