Wednesday, June 27, 2012

এখন চিঠি, বিষয়ঃ আপোনাৰ নষ্ট প্ৰেয়সী

নমস্কাৰ মহাশয়,
অসুবিধা দিয়া বাবে বেয়া নাপাব, আপোনাক দুটামান কথা কৈ আমনি দিম, যদিও আপোনি খং কৰিব শুনি, আশা কৰোঁ সুস্‍হ মগজুৰে ভাবি চিন্তি চাব মোৰ কথাবোৰ , আপোনি যাক সীমাহীন বিশ্বাস কৰে, দেৱীৰ দৰে বা ভালপায় গভীৰ সাগৰতকৈ দ’কৈ, তাইৰ কথা কৈ আপোনাক আমনি দিব খুজিছো যিটো কথাই মোকো অসুবিধাত পেলাই আছিল | ইমান দিনে কি কওঁ কি নকওঁ, ক’লে হয়তো আপোনাৰ খং উঠিব বা আপোনাৰ মন বেয়া লাগিব , কিন্তু তথাপিও কৈছো মোৰ বেয়া লগাত | তাই যে কবিতা লিখে ধুনীয়াকৈ , আপোনি কেতিয়াবা তাইৰ কবিতাংশ বোৰৰ বিশ্লেষণ কৰিছেনে বাৰু ? তাই আজিও আপদেট দিছে
“দুটিমান আৱেগিত মনৰ শব্দ
যিয়ে তোমাৰ বুকুত প্ৰেমৰ ঢৌ তুলে...
মোৰ শব্দবোৰে তোমাক খুউব ভালপায় |
সেয়েহে আশা কৰোঁ
কবিতাৰ পোহৰৰে সিঁচা বীজবোৰৰ 
ফচল হওঁক মাথো তোমাৰ ভালপোৱা ||”

কিন্তু জানেনে এইটো সম্পূৰ্ণ মোৰ কবি বন্ধুৱে লিখা, এইটো ইং ২০০৯ –ৰ জানুৱাৰী মাহৰ মোৰ বন্ধুৰ ডায়েৰীত পাতত স্পষ্টকৈ আছে | আৰু এইটো আপোনাৰ বাবে লিখা নাই, ক্ষমা কৰিব যিদৰে আপোনি ভাবিছে, আৰু যে কত ....হিচাব নাই, বাহঃ তাই আনৰ মাছেৰে ভোজ খাই নিজকে এগৰাকী উচ্চ মানদন্দৰ কবি বুলি সমাজত পৰিচিতিও পাইছে | অৱশ্যে পাইছেও, নাৰীৰ এটা শব্দও কবিতা বুলি ভালপোৱা সমাজে আঁকোৱালী লৈছে তাইক   | তাই বিনা বাধাৰেই সকলোকে মিছাৰে আভুৱা ভাঁৰি তাইৰ প্ৰেমিক সকলৰ পৰা বৌদ্ধিক সংলাপবোৰ লৈ ৰচিছে এখনি মায়াৰ জগত | মোৰ প্ৰেমিক বন্ধুৰ ভাষাবোৰ যিবোৰ সি তাইক ভালপোৱা প্ৰকাশিবলৈ চিঠিৰে , SMS-ৰে দিছিল সেইবোৰকে তাই সজায় পৰায় কিতাপ উলিয়ালে নাম “মায়াবিনী” | মোৰ বন্ধু চুপ আছিল যি আজি একেবাৰে নিঃশ্বুপ, কাৰণ সি তাইৰ নষ্ট চৰিত্ৰ জানিও তাইক ভালপায়, আৰু মইও তাইৰ লগত যুঁজি যুক্তি-তৰ্কত জিকিলো যদিও হাৰিলো কাৰণ তাইৰ অলপো লাজ নাই , তাই সঁচাই কুটিল | তাইৰ অতি সহজ উত্তৰ, “ম‍ই কৰিছো তোৰ কি, ম‍ই যি মন যায় কৰিম” তাইৰ বিৱেক জগাব নোৱাৰিলো, গ্লেমাৰৰ অন্ধ মোহত চাগে তাই বিৱেকক কেতিয়াবাই বলি দিলে | তাই সঁচাই মায়াবী , সকলোকে মোহত পেলায় নিজৰ সুবিধা আদায় কৰি লব পাৰে | আজিলৈকে তাইক ভালপোৱা প্ৰতেকেই তাইকেই একমাত্ৰ ভালপায় মোহ এৰিব পৰা নাই | লক্ষ্য তাইৰ বিখ্যাত হোৱাৰ, গতিকে কবিতা লিখা বিৰহপ্ৰিয় সহজতে পমি যোৱা সকল তাইৰ চিকাৰ |   যেনেদৰে তাই পুথি লিখিছে তেনেদৰে তাই যিমানবোৰ ফেচবুকত আপ্‌দেট দিছে, দি আঁছে বেছিভাগেই আনৰ মনৰ কথা, চুৰি ....তাই কেতিয়াও উল্লেখ নকৰে যে সেয়া আনৰ |  তাই কয়....এয়া ম‌ই ল’ৰা হৈ লিখিছো, আমোকৰ ...অনুভৱেৰে , তামোকৰ অনুভৱেৰে অথচ কিছুমান কথা কি লিখিলে আৰু কিয় লিখিলে তাই নিজেও বুজি নাপায়; মহাশয় আপোনি বাৰু কেতিয়াবা কথাষাৰ মন কৰিছেনে ? তাই মোৰ নলেগলে লগা বন্ধুৰ অতীতত প্ৰেয়সী , তাইৰ প্ৰতিটো চৰিত্ৰ মোৰ চকুৰ আগত জলজল পটপট , তাইৰ বিষয়ে মোৰ বন্ধুৰ বাবে বহুদিন অনুসন্ধান কৰিছো | তাই কিমান পানীৰ মাছ জানো, ভালপোৱাৰ ভাওনা কৰাটো তাইৰ সহজাত প্ৰবৃত্তি, তাইৰ ভালপোৱাৰ অনুভৱত ক’তজনে কি কি লিখা নাই, সেইবোৰকে সমল কৰি এতিয়া তাই কবিতা ৰাণী | আচৰিত নহয় জানো, ছোৱালী যে এনেদৰে থাকিব পাৰে বিশ্বাস কৰিব নোৱাৰি, মোৰো বিশ্বাস হোৱা নাছিলে | হায়ঃ , দহ জনৰ লগত ভালপোৱা এশ জনৰ লগত লিলিমাই | বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, তাইৰ ফুফুঁলা স্বৰুপটো দেখিবলৈ দিন আছে আপোনাৰ কিন্তু এদিন দেখা যে পাব সেয়া ধ্ৰুৱ সত্য | বাৰু যি কি নহওক , মোৰ মনত বহুত ক্ষোভ, কিয় ভগবানে মোৰ বন্ধুক এনে ধৰণৰ স্বাৰ্থপৰ, চতুৰ আৰু কূটিল ছোৱালীৰ সংগ দিছিল |
          মোৰ বোধেৰে কিবা লিখিবৰ ইচ্ছা থাকিলে নিজৰ মনৰ পৰা নিজৰ ভাষাৰে লিখিব লাগে, আৰু ম‍ই এইটো কোৱা নাই যে তাই লিখিব নোৱাৰে বা নোৱাৰিব, সকলোৱে  পাৰে | কিন্তু বিশুদ্ধ, নিজা অনুভৱ আৰু মৌলিক লিখাটোহে আঁচল কথা | আৰু যিহেতু তাই আপোনাৰ প্ৰেয়সী শিকাব, লাগিলে প্ৰশিক্ষন দিয়াব কৰবাত | লগতে আপোনাক সকীয়নি , কিছুমান ভ্ৰান্ত ধাৰণা লৈ নাথাকিব যেনে তাই আপোনাক ভালপায়, তাই তাইৰ ঘৰৰ মানুহবিলাকৰ বাহিৰে বেলেগক ভাল নাপায়, কিমান প্ৰেমিকক ভাল পাবনো, কথাবোৰ নিজে অনুধাবন কৰিব নিশ্ব্য় যেতিয়া মোহ ভংগ হ’ব, তাইৰ বহুতো কথা আপোনাৰ আগত উজাগৰ হৈ পৰিব | সদায় ৰংচঙীয়া জীৱণ ও গ্লেমাৰ ভালপোৱা জহি ছোৱালী জনীয়ে আপোনাক ভালপায়নে আপোনাৰ চাকৰি, ধন-সোন বা আপোনাৰ কবিতা লিখিব পৰা গুণটোক সেয়া নিজে বুজি উঠিব এদিন, গান গোৱা আৰু নাটক কৰা ছোৱালী কিমান বুধিয়ক সেয়া আপোনাক নকলেও হ’ব চাগে | আপোনি আপোনাৰ জীৱণটো সূখী আৰু সঁচা ভালপোৱাৰে গঢ়িব খোজে যদি কোনটো ভাল কোনটো বেয়া ঠিক কৰি আগবাঢ়ক | ঈশ্বৰ ভক্তি আছে যদি ভগৱানে আপোনাক ৰাস্তা দেখুৱাব | আপোনাৰ পৰিস্‍হিতি মোৰ বন্ধুৰ দৰে নহওক তাৰে আশা | আৰু যদিহে আপোনি তাইক সঁচা ভালপায় তেন্তে মোৰ কথা নুশুনি তাইক ইমান খিনি জ্ঞানী-গুনী কৰি তুলক যাতে তাই লোকৰ বস্তু নিজৰ বুলি কোৱাৰ মানসীকতা ত্যাগ কৰে যাৰ বাবে আপোনি লাজ নাপায় জীৱণত | শেষত আপোনাক ধন্যবাদ, ধৈয্য ধৰি শুনাৰ বাবে আৰু মাফ কৰি দিব পাৰিলে আপোনাৰ প্ৰেয়সীৰ বিষযে বিৰুপ মন্তব্য দিয়া বাবে | ভগবানে মঙ্গল কৰক আপোনাৰ | 




                                                        প্ৰান্তত
                                আপোনাৰ প্ৰেয়সীৰ প্ৰাক্তন স্বৰ্গীয় প্ৰেমিকৰ এজন বন্ধু




বিঃ দ্ৰঃ এয়া কাৰো প্ৰতি আঙুলী টোৱাই লিখা হোৱা নাই, মাথো সত্যতা ইমানেই যে আনৰ লিখা চুৰি কৰি বিখ্যাত হোৱা মানুহ বহুত আছে, আৰু আছে মানুহ আনৰ হিয়াৰ লগত খেলাৰ ; এয়া তেওঁলোকক ভেঙুছালী কৰিবৰ বাবেহে আৰু অনুৰোধ যাতে কোনেও চিঠিখন ব্যক্তিগত ভাবে নলয় |


(সকলো অভিযোগ মোৰ কাল্পনিক স্বৰ্গীয় বন্ধুৰ দিনলিপিৰ পাত-ৰ পৰা)

No comments:

Post a Comment