Wednesday, June 20, 2012

অনুবাদঃ আমি নজনা ইতিহাসৰ হেৰুৱা এটি পৃষ্ঠা


গৱেষনাত আমেৰিকাৰ প্ৰকৃত আবিস্কাৰকৰ আবিস্কাৰ হৈছে, আচৰিত নহয় নে যে কেইদিন মান আগলৈকে আমি কলম্বাচকে আমেৰিকাৰ আবিস্কাৰক হিছাপে জানি আহিছিলো | আমেৰিকা নামটোৰ হৈতে এৰাব নোৱাৰাকৈ জড়িত এটি নামঃ ক্ৰিষ্টফাৰ কলম্বাচ, সমুদ্ৰ যাত্ৰাৰে কলম্বাছে হৰ্থাতে এদিন আমেৰিকা ভূমিখণ্ডৰ আবিস্কাৰ কৰি পেলাইছিল | কিন্তু সম্প্ৰতি এক নতুন গৱেষণা পত্ৰিকা হিষ্টৰিকেল ৰিৰ্চাজত ইতিহাসবিদ ফ্ৰান্সেসকো গুইডি ব্ৰুসকোলিৰ(Dr Francesco Guidi-Bruscoli) দাবী মতে আমেৰিকাৰ প্ৰথম আবিস্কাৰক কলম্বাছ নহয়, বৰঞ্চ অইন কোনোবাহে; যদি এই কথাটো হয় বিশ্বসমাজত তেন্তে আমেৰিকাৰ ইতিহাসেই সলনি হৈ যাব | এই নতুন গৱেশনাৰ মতে  আমেৰিকাৰ আবিস্কাৰক ইটালীৰ এগৰাকী ধন কুবেৰ জন কাবোত (John Cabot alias Zuan Caboto) | গবেষণাত পোৱা তথ্য মতে , ১৪৯২ চনত কাৰিবীয় উপকূলত কলম্বাছে ভৰি ৰাখিছিল যদিও আমেৰিকা তথা উত্তৰ আমেৰিকা  পাওঁতে তেওঁৰ অনেক বছৰ লাগিছিল | ফ্লোৰেঞ্চ বিশ্ববিদ্যালয়ৰ গবেষক ইতিহাসবিদ ব্ৰুচকোলিয়ে এটি সংগ্ৰাহালয়ত এখনি চিঠিৰ সন্ধান পাইছে যিখনত ইংলেণ্ডৰ ৰজা সপ্তম হেনৰিয়ে জিয়ান কাবাতো ওৰফে জন কাবাটোলৈ লিখা চিঠিত “দা নিউ-লেণ্ডৰ সন্ধানৰ দায়িত্ব অৰ্পন কৰাৰ কথা উল্লেখ আছে |  সেই সূত্ৰে তেওঁলোককক ৫০ টি ৰাজকীয় মুদ্ৰা( ষ্টাৰ্লিং) দক্ষিনা হিচাপেও দিয়া হৈছিল | আৰু উদ্দেশ্য আগত ৰাখি ১৪৯৬, ১৪৯৭ আৰু ১৪৯৮ ; তিনিবাৰকৈ ব্ৰিষ্টেলৰ পৰা নিউলেণ্ডলৈ নাওঁত পাল তৰা হৈছিল | নথিপত্ৰত দেখা গৈছে যে , ১৪৯৭ চনতেই আমেৰিকা বা ‘নিউ ফাউণ্ডলেণ্ড’ ত (ব্ৰুসকোলিৰ মতে নিউ-ফাউণ্ডলেণ্ডেই আজিৰ আমেৰিকা) তেওঁ পৰ্দাপন কৰিছে, অৰ্থাত কলম্বাছতকৈ এক বছৰ আগত(১৪৯৮) | 

No comments:

Post a Comment