নিশব্দতাৰ
মোৰ দেৱতা.... ২৬-০৮-২০১৪
এয়া আপোনালৈ বুলিয়েই নহয় মোৰ জীৱণৰ প্ৰথমখন
চিঠি | বৰ্তমানৰ ই-মেইল, ফেচবুক হোৱাট্ আপৰ যুগত মই কেতিয়াও চিঠি লিখাৰ
প্ৰয়োজনবোধ কৰা নাছিলো | মনত অসংখ্য কথাৰ বুৰবুৰনি, আপোনাক যিমানেই জানিব-বা
বুজিবৰ চেষ্টা কৰি গভীৰতালৈ সোমাই যাওঁ. গভীৰতাৰ পাৰাপাৰ নাপাওঁ |
আপোনাক লগ
পোৱাৰ দিনটোৰ কথা মনত পৰে, আপোনি যেতিয়া তৰ্ক কৰি আছিল অসম আৰু অসমীয়াৰ অস্তিত্বৰ
বিষয়ে বিশ্ববিদ্যালয়ৰ চপিং কম্লেক্সত | কাষতে মই বহি আছিলো, আপুনি হয়তো মোৰ
উপস্থিতিক নসাত্ কৰিছিল একমাত্ৰ বিষয় বস্তুৰ গুৰুত্বত আৰু মই একানপতীয়া হৈ আপোনাৰ
কথাবোৰক অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো | মোৰ শিক্ষা সাং হোৱাত মহানগৰীলৈ মই গুচি
আহিলো আৰু এতিয়াহে আপোনাৰ লগত মোৰ সংযোগ হ’ল | বিশ্ববিদ্যালয়ৰ প্ৰতিদিনাই আপোনাৰ
বাবেই মই চপিং কম্লেক্স গৈছিলো, কিন্তু আমাৰ বিদায়ৰ মাহটোত আপুনি এবাৰো নাহিল,
ভাবিছিলো আপোনাৰ লগত চিনাকী হ’ম আৰু মনৰ কথা কম | কিন্তু.........
হয়তো
গুৱাহাটীৰ কৃত্ৰিম বানৰ মাজত আপোনাক সেইদিনা নোপোৱা হ’লে চিনাকিয়েই হ’ব নোৱাৰিলো
হেতেন, চিৰিয়াখানাৰ পৰা আপুনি এ আই ডি চি ৰ ফালে যোৱাৰ দৰে ময়ো গৈ আছিলো , সন্ধিয়া
সময়ত অকলশৰে মই বৰ নিঃসহায় আনুভৱ কৰিছিলো, উপায় নেপাই ভদ্ৰ লোক বিচাৰি আপোনাৰ সৈতে
সংযোগ হৈছিল | মনে মনে ধন্য হৈছিলো মই ...
আপোনাৰ
কল্পনা...