মৰমৰ কল্পনা, তাং ইং ২৬/০৯/২০১৪
বিশাল এই পৃথিৱীৰ একা বেঁকা ৰাস্তাবোৰ বৰ
জযাল ,
অন্য় দহ জনৰ দৰে সেয়েহে বৰ্তমান মযো জীৱনৰ বাটত ভয়ে খোঁজ পেলাও , খুব সাৱধানে আৰু
সন্তৰ্পনে | পথ হেৰুৱা পথিকসকলৰ দৰে হাবাথুৰি খাই কেতিয়াবা মযো ভ্ৰম বকো, ভাল কি বেযা কি , উচিত কি অনুচিত কি, সত্য় কি অসত্য় কি তাক
লৈ জটিলতাৰ মাজত সোমাই পৰোঁ | আকৌ মই কোন, কি মোৰ উদ্দেশ্য় তাক লৈও বিবুধিত পৰো, মাত্ৰ পতিয্ণ নিয়াওঁ
নিজকে যে প্ৰকৃতি্যে য়িদৰে মোক সৃষ্টি কৰাৰ পৰা মোৰ বিকাশলৈ মোক উত্কৃষ্টতা দি
আছে, নিয়মৰ বান্ধোনত মইও
কৰ্তব্য় পালন কৰি প্ৰকৃতিৰ নিযমতেই তাইৰ(প্ৰকৃতি) লগত বিলীন হৈ য়াব লাগে, বচ |
বাৰু তুমি এটা কথা কোৱা তোমাৰ চাৰিওফালে য়দি
আন্ধাৰ থাকে, আৰু
তোমাক বেৰী যদি অকল সুউচ্চ পাহাৰহে থাকে, য়'ত তোমাৰ মাতটোৰ
প্ৰতিধ্বনি হোৱাৰ বাহিৰে অন্য় কাৰো মাত নুশুনা বা নেদেখা, নেদেখা অন্য় কোনো
নৰ-মনুহ্য়; তেনে সময়ত তোমাৰ কেনে লাগিব বাৰু অনুভৱ কৰাচোন ? আজিকালি এনে এক
পৰিস্থিতিতেই পথ হেৰুৱাই পেলাইছোঁ মই , অন্য় পথহেৰুৱা পথিকসকলৰ দৰে | দিশহাৰা জীৱনত মাথো
কৰ্ম পিপাসু হোৱাৰ সাহসতেই মই কাম কৰি গৈছো, ফলৰ কথা চিন্তা নকৰি |
*তোমাক বেছি প্ৰশ্ন সুধি
আমনি কৰিব নিবিচাৰো য়দিও মাথো মোৰ মনৰ ব্য়গ্ৰতাক দূৰ কৰিবৰ বাবেই কোৱা ; কোন সাহসতনো তুমি মোৰ
সৈতে শব্দালিঙ্গন কৰিবলৈ বাধ্য় হ’লা ?
শেষত আকৌ মই জনাই থওঁ, মই ব্য়ক্তিগত স্বাৰ্থতকৈ সামূহিক স্বাৰ্থত গুৰুত্ব দি আহিছো য়দিও মইও আত্মকেন্দ্ৰিক, কাৰণ অশেষ
চেষ্টাৰ পাছতো নিজৰ অহংকাৰক ত্য়াগ কৰিব পৰা নাই এতিযাও | মোৰ লগত বাস্তৱৰ সৈতে
তোমাক মুখামুখি হ'বলৈ নিদোঁ য়দিও তোমাৰ অধিক আগ্ৰহে হয়তো টানি আনিব পাৰে
তোমাক অ্ন্য় এটি পৃষ্ঠালৈ | মুঠতে এই সময়চোৱাত তুমি মোৰ দৰে দিশহাৰা নহ’বা, ডেউকা লগাই উৰি যোৱা
মনটোক চম্ভালিভা তোমাৰ নিজৰ ভালৰ বাবে |
প্ৰান্তত
তোমাৰ আঁখিপটৰ সুন্দৰতাত মুগ্ধ
এজন...........
‘নিশব্দ’